অসম আৰক্ষীত হৈছে কি? তিনিমাহে নিৰুদ্দেশ আৰক্ষী জোৱান

এইবাৰ অসম আৰক্ষীত সংঘটিত হৈছে কোনোদিনে নোহোৱা-নোপোজা ঘটনা। প্ৰায় তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন আৰক্ষী জোৱান। সন্ধানহীন আৰক্ষী জোৱানজন চবিন নাথ। নগাঁওস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত আছিল জোৱানজন।

যোৱা ২৮ অক্টোবৰতে নিৰ্বাচনৰ দায়িত্বত মিজোৰামলৈ প্ৰেৰণ কৰা হৈছিল জোৱানজনক। তাৰ পিছৰে পৰই সন্ধানহীন হৈ আছে জোৱানজন। নিৰুদ্দিষ্ট জোৱানজনৰ ঘৰ চামগুৰিত। এতিয়া জোৱানজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে।

ইফালে চবিন নাথৰ দৰমহা ডিচেম্বৰৰ পৰা বন্ধ হৈ আছে বুলি জনাইছে পৰিয়ালৰ লোকে। আৰক্ষী বিষয়াক সহায় ভিক্ষা বিচাৰিও সদুত্তৰ পোৱা নাই পত্নী-মাতৃয়ে। DGP কাৰ্যালয়লৈও তাত-বাটি কাঢ়ি ভাগৰি পৰিছে চবিনৰ দুৰ্ভগীয়া পৰিয়ালটো। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াক সহায় ভিক্ষা পৰিয়ালটোৰ। মঙলবাৰেও উলুবাৰীৰ DGP কাৰ্যালয়ত উপস্থিত হৈছে চবিনৰ মাতৃ-পত্নী। DGPক সাক্ষাৎ কৰিবলৈ আহিছে চবিনৰ মাতৃ-পত্নী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...