অসম আৰক্ষীত হৈছে কি? তিনিমাহে নিৰুদ্দেশ আৰক্ষী জোৱান

এইবাৰ অসম আৰক্ষীত সংঘটিত হৈছে কোনোদিনে নোহোৱা-নোপোজা ঘটনা। প্ৰায় তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন আৰক্ষী জোৱান। সন্ধানহীন আৰক্ষী জোৱানজন চবিন নাথ। নগাঁওস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত আছিল জোৱানজন।

যোৱা ২৮ অক্টোবৰতে নিৰ্বাচনৰ দায়িত্বত মিজোৰামলৈ প্ৰেৰণ কৰা হৈছিল জোৱানজনক। তাৰ পিছৰে পৰই সন্ধানহীন হৈ আছে জোৱানজন। নিৰুদ্দিষ্ট জোৱানজনৰ ঘৰ চামগুৰিত। এতিয়া জোৱানজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে।

ইফালে চবিন নাথৰ দৰমহা ডিচেম্বৰৰ পৰা বন্ধ হৈ আছে বুলি জনাইছে পৰিয়ালৰ লোকে। আৰক্ষী বিষয়াক সহায় ভিক্ষা বিচাৰিও সদুত্তৰ পোৱা নাই পত্নী-মাতৃয়ে। DGP কাৰ্যালয়লৈও তাত-বাটি কাঢ়ি ভাগৰি পৰিছে চবিনৰ দুৰ্ভগীয়া পৰিয়ালটো। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াক সহায় ভিক্ষা পৰিয়ালটোৰ। মঙলবাৰেও উলুবাৰীৰ DGP কাৰ্যালয়ত উপস্থিত হৈছে চবিনৰ মাতৃ-পত্নী। DGPক সাক্ষাৎ কৰিবলৈ আহিছে চবিনৰ মাতৃ-পত্নী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০...