যোৰহাট, দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ৰেচন কাৰ্ড

৩ দিনীয়া ভ্ৰমণসূচীৰে উজনিত মুখ্যমন্ত্ৰী। যোৰহাট, দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলেই ভৱিষ্যতে পাব অৰুণোদয়ৰ টকা। ফেব্ৰুৱাৰী মাহত ৩ লাখ পৰিয়ালক চৰকাৰে দিব মাটিৰ পট্টা। কাজিৰঙাত নিশাটো কটাই মংগলবাৰে পুৱাই যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত। এই অনুষ্ঠানতে যোৰহাট বিধানসভা সমষ্টিৰ নতুনকৈ ৬,৩২৮ গৰাকী হিতাধিকাৰীৰ মাজত খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ মুখ্যমন্ত্ৰীৰ। যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা নতুনকৈ ৰাজ্যৰ ৪২ লাখ লোকক ৰেচন কাৰ্ড দিব চৰকাৰে। সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ– হিতাধিকাৰীক কমকৈ চাউল দিয়ে দোকানীয়ে। এইক্ষেত্ৰতো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা কি কি সুবিধা পাব ৰাইজে হিতাধিকাৰীসকলক সেই সন্দৰ্ভতো নিজৰ ভষণৰ জৰিয়তে অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঘোষণা এবছৰৰ ভিতৰতে ৰেচন কাৰ্ডৰ সৈতে সংযুক্ত কৰা হ’ব প্ৰধানমন্ত্ৰী বীমা আঁচনি। শীঘ্ৰে বিলুপ্তি ঘটিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে ভৱিষ্যতে পাব অৰুণোদয়ৰ টকা। যোৰহাটত এই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ফেব্ৰুৱাৰী মাহত ৩ লাখ পৰিয়ালক চৰকাৰে দিব মাটিৰ পট্টা। যোৰহাটৰ পৰা দুপৰীয়া গোলাঘাট জিলাৰ দেৰগাঁওত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেৰগাঁও সমষ্টিৰ ৪৫০৫টা পৰিয়ালক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে ৰেচন কাৰ্ড। ইয়াৰ পিছতে গোলাঘাটৰ বছাভৰলুৱাত উপস্থিত হৈ দেৰগাঁওৰ পথ দুৰ্ঘটনাত নিহত পৰিয়ালৰসমূহক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিশা পুনৰ যোৰহাটলৈ উভতি যাব মুখ্যমন্ত্ৰী। নিশাটো যোৰহাট আৱৰ্ত ভৱনত কটাই বুধবাৰে শিৱসাগৰ জিলাৰ নাজিৰাত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে। বুধবাৰে দুপৰীয়ে উজনিৰ পৰা গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...