পুনৰ কাৰাগাৰলৈ যাব লাগিব বিলকিছ বানোৰ ধৰ্ষণকাৰী

পুনৰ কাৰাগাৰলৈ যাব লাগিব বিলকিছ বানোৰ ধৰ্ষণকাৰী। ১১ অপৰাধীৰ মুক্তিত সোমবাৰে নিষেধাজ্ঞা আৰোপ কৰিলে উচ্চতম ন্যায়ালয়ে। ২০০৮ত মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড দিছিল ১১ অভিযুক্তক। ২০২২ৰ ১৫ আগষ্টত আটাইকে মুকলি কৰি দিছিল গুজৰাট চৰকাৰে। ২০০২ত গুজৰাটৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত কেবাটাও ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত হৈছিল ১১জন লোক। ভুক্তভোগীৰ অন্যতম আছিল বিলকিছ বানো। ন্যায়প্ৰাপ্তিৰ বাবে ২১ বছৰীয়া এক সংগ্ৰাম এগৰাকী মহিলা আৰু তেওঁৰ পৰিয়ালৰ।

পুনৰ কাৰাগাৰলৈ যাব লাগিব বিলকিছৰ ধৰ্ষণকাৰী
এগৰাকী মহিলাৰ ২১ বছৰীয়া দুঃসাহসিক সংগ্ৰাম
এক শিহৰণকাৰী আৰু শ্বাসৰুদ্ধকৰ আইনী যুঁজ

মহিলাগৰাকী বিলকিছ বানো। বাতৰি কাকত আৰু টিভি স্ক্ৰীণত মাজে মাজে এই মহিলাগৰাকীৰ বাতৰি চায় আপোনালোকে। বিগত ২১ বছৰে বিলকিছ বানোৱে দুঃসাহসিকতাৰে চলাই থকা আইনী যুঁজ আপোনাৰ-মোৰ দৰে বহু মানুহৰ বাবে হয়তো সম্ভৱেই নহয়।

ঘটনা ২০০২ চনৰ ফেব্ৰুৱাৰীৰ গুজৰাটৰ গোষ্ঠী সংঘৰ্ষৰ
দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল বিলকিছ বানো
বিলকিছৰ পৰিয়ালৰ ১৪ জনক নৃশংসভাৱে হত্যা কৰা হৈছিল
ঘটনাৰ সময়ত ৫ মাহৰ গৰ্ভৱতী আছিল বিলকিছ

গোষ্ঠীগত সংঘৰ্ষৰ ভয়লগা দৃশ্যই কঁপাই গৈছিল সমগ্ৰ দেশ। আৰু তাৰ মাজতেই আৰম্ভ হৈছিল বিলকিছ বানোৰ ন্যায়প্ৰাপ্তিৰ সংগ্ৰাম। প্ৰথমে গুজৰাট আৰক্ষী। যি আৰক্ষীয়ে ভুক্তভোগীৰ স্বীকাৰোক্তিৰ স্বত্বেও গোচৰ ৰুজু কৰি এজাহাৰত উল্লেখ নকৰিলে দলবদ্ধ ধৰ্ষণৰ কথা। বিলকিছ বানোৱে অভিযুক্তসকলক চিনাক্ত কৰাৰ পিছতো তেওঁলোকক বিচাৰি পোৱা নগ’ল বুলি আদালতত প্ৰতিবেদন দিলে গুজৰাট আৰক্ষীয়ে।

পিছত গোধৰা আশ্ৰয় শিবিৰত এগৰাকী দণ্ডাধীশে গ্ৰহণ কৰিছিল বিলকিছৰ জবানবন্দী। অৰণ্যৰ পৰা উদ্ধাৰ হৈছিল পৰিয়ালৰ ৭ জনৰ মৃতদেহ। কিন্তু আৰক্ষীৰ আবেদন মৰ্মে গোচৰৰ ফাইল বন্ধ কৰিছিল গুজৰাট আদালতে।

২০০৩ চনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বিলকিছ বানোক সকাহ দি গোচৰৰ তদন্তৰ দায়িত্ব CBIক অৰ্পন কৰিছিল আদালতে। ২০০৪ৰ এপ্ৰিলত আহমদাবাদ CJM আদালতত ২০ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল CBI-য়ে। মুম্বাইলৈ স্থানান্তৰিত হৈছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ২০০৮ চনত গ্ৰেটাৰ মুম্বাইৰ বিশেষ আদালতে যাবজ্জীৱন কাৰাদণ্ড বিহিছিল ১১ অভিযুক্তক। ৭ জনক দোষমুক্ত কৰা হৈছিল আৰু আন দুজনৰ মৃত্যু হৈছিল। পিছত ২০১৬ত বোম্বে হাই ক’ৰ্টেও ১১ অভিযুক্তৰ ৰায় বাহাল ৰাখি পূৰ্বে দোষমুক্ত ৭ জনকো দোষী সাব্যস্ত কৰি শাস্তি বিহে। ন্যায় প্ৰাপ্তিৰ যুঁজখনত ১৪ বছৰৰ মূৰত জয়ী হৈছিল বিলকিছ বানো।

কিন্তু ২০২২ৰ ১৫ আগষ্টত পুনৰ এক ঘটনা ঘটে। গুজৰাট চৰকাৰে মুকলি কৰি দিয়ে যাবজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত ১১ অপৰাধীক। বিলকিছ বানোৰ গণধৰ্ষণ আৰু ৭ টাকৈ হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈও শাস্তিৰ ম্যাদ ওকলাৰ পূৰ্বেই কাৰামুক্ত ১১ অপৰাধীক মিঠাই খুৱাই, ফুলৰ মালা পিন্ধাই বীৰৰ দ্বৰে আদৰণি। দেশজুৰি পুণৰ চৰ্চিত হ’ল গুজৰাট চৰকাৰৰ এই সিদ্ধান্ত।

২০২২ৰে ছেপ্তেম্বৰত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে বিলকিছ বানো। শেহতীয়াকৈ বিলকিছ বানোৱে দাখিল কৰা লেখ আবেদনখনৰ ধাৰাবাহিক শুনানী গ্ৰহণ কৰি ৮ জানুৱাৰী, সোমবাৰে ৰায় দিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নগৰত্ন আৰু ন্যায়াধীশ উজ্জল ভূঞাই। মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি ১১ অপৰাধীৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰে উচ্চতম ন্যায়ালয়ে। আটাইকে ২ সপ্তাহৰ ভিতৰত পুনৰ জে’ললৈ নিক্ষেপৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ২০২২ৰ ১৫ আগষ্টত ১১ অপৰাধীৰ মুক্তিক লৈ গুজৰাট চৰকাৰ আৰু কেন্দ্ৰক বিতং শপতনামা দাখিলৰো নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...