মাজুলীত ছাত্ৰ সন্থাৰ অধিৱেশনত উত্তপ্ত পৰিস্থিতি

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনত অঘটন। প্ৰতিনিধি সভাই প্ৰাণজিৎ হাজৰিকাক দিছিল সভাপতিৰ দায়িত্ব। দীপাংকৰ ৰাজখোৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছিল। তাকে লৈ সভাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি।

মাজুলীত ছাত্ৰ সন্থাৰ অধিৱেশনত উত্তপ্ত পৰিস্থিতি
বিষয়বাবক লৈ অসন্তুষ্টি, হতাহতি

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিবেশনত অঘটন। মাজুলীৰ গড়মূৰ সত্ৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত হৈছিল অধিবেশন। বিষয় বাছনি সভাত প্ৰাণজিৎ হাজৰিকাক সভাপতিৰ দায়িত্ব। দীপাংকৰ ৰাজখোৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব।

দায়িত্বভাৰ দিয়াক লৈ হঠাত সভাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। দুটা ফৈদৰ ইটোৱে সিটোক আক্ৰমণ কৰিবলৈ উদ্যত হ’ল। আছুৰ জেষ্ঠ বিষয়ববীয়াৰ তৎপৰতাতহে সাম কাটে পৰিস্থিতি। বহুতেই সাধাৰণ সম্পাদকৰ পদৰ বাবে মনত পুহি ৰাখিছিল আশা।

প্ৰতিনিধি সভাই প্ৰানজিৎ হাজৰিকাক সভাপতি, দীপাংকৰ ৰাজখোৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ উপৰি ৰংগৰস মহন্তক সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিৰ্বাচিত কৰে৷ মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্ৰাঞ্জল শইকীয়াক উপ-সভাপতি, যদু দত্তক মুখ্য সাংগঠনিক সম্পাদক, ৰাজীৱ কাকতিক বিত্ত সম্পাদক হিচাপে নিৰ্বাচিত কৰে। আশাবাদীসকলেও আগন্তুক সময়ত পাব দায়িত্ব। এই ঘটনাক সামান্য তৰ্কাতৰ্কি বুলি অভিহিত কৰিছে মাজুলী আছুৱে। কিন্তু ঘটনাক লৈ সৃষ্টি হৈ প্ৰতিক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...