ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি মিচাউঙে

ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি মিচাউঙে। মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ উপকূলত খুন্দা মাৰে তীব্ৰবেগী মিচাউঙে। সামুদ্ৰিক ঘূৰ্ণিৰ প্ৰভাৱত ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ লগতে তামিলনাডু আৰু পুডুচেৰীতো আৰম্ভ হৈছে প্ৰৱল ধুমুহা আৰু বৃষ্টিপাত। প্লাবিত হৈছে দুয়োখন ৰাজ্যৰ উপকূলীয়া চহৰসমূহ। বহু অঞ্চলত বৃহৎ গছ উভালি পৰি বন্ধ হৈ পৰিছে বাটপথ। ইতিমধ্যে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত সামুদ্ৰিক ঘূৰ্ণি মিচাউঙৰ প্ৰভাৱত প্ৰাণ হেৰুৱাইছে কমেও ১২ জন লোকে। আহত হৈছে আন কেইবাজনো লোক। প্ৰচণ্ড ধুমুহাৰ বাবে বিদ্যুৎ যোগান ব্যাহত হৈ পৰাত স্তব্ধ হৈ পৰিছে জনজীৱন। চেন্নাইকে ধৰি কেইবাখনো চহৰৰ বিমান কোঠ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। বাতিল কৰা হৈছে কেবাশ যাত্ৰাবাহী বিমানৰ চলাচল। তামিলনাডুৰ লগতে অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হৈছে বিশেষ সতৰ্কতা। উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে NDRF আৰু SDRFৰ লগতে আন উদ্ধাৰকাৰী দল।

বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি মিচাউঙে
অন্ধ্ৰ, তামিলনাডুৰ উপকূলত খুন্দা মাৰিছে সামুদ্ৰিক ঘূৰ্ণিয়ে
মিচাউঙৰ প্ৰভাৱত প্ৰাণ হেৰুৱাইছে কমেও ১২ জন লোকে
দুয়োখন ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি
উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে NDRF, SDRFক

মঙলবাৰে পুৱাই অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলত তীব্ৰ গতিৰে খুন্দা মাৰে সামুদ্ৰিক ঘূৰ্ণি মিচাউঙে। অন্ধ্ৰপ্ৰদেশৰ বাপাটলা উপকূলত খুন্দা মৰাৰ পিছতে স্তব্ধ হৈ পৰে সমগ্ৰ উপকূলীয় অঞ্চলৰ জনজীৱন। সামুদ্ৰিক ঘূৰ্ণি মিচাউঙৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ লগতে তামিলনাডুৰ উপকূলীয় অঞ্চলটো আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত আৰু ধুমুহা। প্ৰচণ্ড ধুমুহাৰ ফলত সমগ্ৰ অঞ্চলটোত প্ৰকাণ্ড গছ–গছনি উভালি পৰাত যাতায়াত ব্যাহত হৈ পৰিছে। অন্ধ্ৰ, তামিলনাডুৰ লগতে পুডুচেৰীতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা হৈছে। সমগ্ৰ উপকূলীয় অঞ্চলত পুৱাৰে অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰিছে বহু বাট–পথ। পথৰ মাজতে আবদ্ধ হৈ পৰিছে বহু যান–বাহন। ঘূৰ্ণিৰ প্ৰভাৱত ইতিমধ্যে দুয়োখন ৰাজ্যতে কমেও ১২ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে আন কেইবাজনো লোক। ধুমুহা–বৰষুণৰ ফলত বিদ্যুৎ যোগান ব্যাহত হোৱাত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে উপকূলীয় অঞ্চলৰ জনজীৱন। দুয়োখন ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, নেল্লোৰ, বাপাটলা, কৃষ্ণা আৰু NTR জিলাত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে,

ঘণ্টাত ৯০ৰ পৰা ১০০ কিঃমিঃ বেগত উপকূলত খুন্দা মিচাউঙৰ
ঘণ্টাত ১১০ কিলোমিটাৰলৈ বেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা ঘূৰ্ণিৰ
বিশেষ সতৰ্কতা জাৰি তামিলনাডু, অন্ধ্ৰৰ উপকূলীয় অঞ্চলত
অন্ধ্ৰত ৭ হাজাৰ, তামিলনাডুত ৬ হাজাৰ লোকক স্থানান্তৰ
অন্ধ্ৰপ্ৰদেশত কমেও ৫০খন বিমানৰ উৰণ বাতিল
শতাধিক যাত্ৰীবাহী ৰে’লৰ চলাচলো বাতিল কৰা হৈছে
চেন্নাই বিমান কোঠতো বাধাপ্ৰাপ্ত হৈছে বিমানৰ চলাচল

সামুদ্ৰিক ঘূৰ্ণি মিচাউঙৰ প্ৰভাৱত অহা দুদিন ধৰি তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীত উপকূলীয় অঞ্চলত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত থকা সম্ভাৱনা আছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে। ইপিনে ওড়িশাতো ঘূৰ্ণিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অন্ধ্ৰ, তামিলনাডুৰ লগতে ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলতো বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। তামিলনাডুত ৬ হাজাৰ লোকক আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলৰ পৰা কমেও ৭ হাজাৰ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা হৈছে। প্ৰৱল বৃষ্টিপাতৰ ফলত ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি অঞ্চলত ৫টাকৈ বান্ধ পানীৰে উপচি পৰিছে। দুয়োখন ৰাজ্যতে প্ৰশাসনে স্থাপন কৰিছে কেইবাশ আশ্ৰয় শিবিৰ। মিচাউঙৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰতিকূল বতৰৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত বিমানৰ চলাচল সাময়িকভাৱে বাতিল কৰাৰ লগতে শতাধিক যাত্ৰীবাহী ৰে’লৰ চলাচলো বাতিল কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...