নেপাত অনুষ্ঠিত আৰক্ষী উপ-অধীক্ষক আৰু উপ-পৰিদৰ্শকৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী

মেঘালয়ৰ উমিয়ামৰ নেপাত অনুষ্ঠিত ৫২ বেটচ্‌ৰ বেচিক কোৰ্চৰ আৰক্ষী উপ-অধীক্ষক আৰু উপ-পৰিদৰ্শকৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

সততা, নিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱেৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ প্রশিক্ষার্থীসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ উমিয়ামৰ উত্তৰ-পূৰ্বাঞ্চল আৰক্ষী একাডেমী (নেপা)ত অনুষ্ঠিত ৫২ বেটচ্‌ বেচিক কোৰ্চৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ ৩৭৭ গৰাকী উপ-অধীক্ষক আৰু উপ-পৰিদৰ্শকৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ৫২ নং বেটচ্‌ বেচিক কৰ্ছৰ এই প্ৰশিক্ষণে সামৰি লোৱা অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৩৭৭ গৰাকী বিষয়াৰ ভিতৰত ১০১ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীও আছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ইউনিফৰ্ম পৰিহিত সেৱাৰ বাবে আজি এক গৌৰৱময় দিন। তেওঁ লগতে কয় যে, প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ ভবিষ্যৎমুখী যাত্রাপথ সুগম কৰি তুলিলে। মুখ্যমন্ত্ৰীয়ে প্রশিক্ষার্থীসকলৰ পিতৃ-মাতৃ, পৰিয়ালৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি নেপাৰ সঞ্চালক, সংশ্লিষ্ট সকলকো ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ পূৰ্বাঞ্চল আৰক্ষী একাডেমীৰ এক গৌৰৱময় ইতিহাস আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় যে, ১৯৭৮ চনত স্থাপিত হোৱা এই একাডেমীয়ে আৰক্ষীৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি আহিছে। তেওঁ লগতে কয় যে, নেপাই এতিয়ালৈকে ৫ হাজাৰৰো অধিক প্ৰশিক্ষাৰ্থীক বেচিক কৰ্ছৰ প্রশিক্ষণ প্ৰদান কৰিছে। বিভিন্ন ইনছাৰ্ভিছ পাঠ্যক্ৰম পৰিচালনা কৰা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই একাডেমীয়ে আৰক্ষীক প্ৰশিক্ষণ প্ৰদানৰ দিশত দেশৰ অন্যতম প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে। প্রশিক্ষার্থীসকলক আইন, সমাজ বিজ্ঞান, আৰক্ষী বিজ্ঞান, চাইবাৰ অপৰাধ, ড্রিল, অস্ত্ৰ, শাৰীৰিক প্রশিক্ষণ, আৰক্ষী অভিযানকে ধৰি বিভিন্ন বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ বিষয়টো প্ৰদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়ে আৰক্ষী বিষয়াসকলক পেচাদাৰী মানসিকতাৰে আগুৱাই যোৱাৰ দিশত সহায়ক হৈ উঠিব। আৰক্ষী বিষয়াসকলে এতিয়াৰে পৰা অধিক নিষ্ঠাৰে নিজৰ কৰ্তব্য ৰূপায়ন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। এই ক্ষেত্ৰত সততা বজাই ৰাখি জনসাধাৰণক সেৱাৰ মানসিকতাৰে আগুৱাই আহিবলৈও তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে, সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। শিশু আৰু মহিলাসকলৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে, জনসাধাৰণে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত আৰক্ষী বিষয়াসকল অধিক সংবেদনশীল হৈ তেওঁলোকক ভয় আৰু শংকাৰ পৰা মুক্ত কৰাৰ বাবে প্ৰয়াস চলাব লাগিব। তেওঁ লগতে দোহাৰে যে আৰক্ষী বিষয়া হিচাপে জনসাধাৰণক সেৱা কৰাৰ বাবে সুযোগ লাভ কৰা যায়। আৰক্ষী থানালৈ জনসাধাৰণে যাতে নিৰ্ভয়ে আহিব পাৰে সেই দিশতো উপযুক্ত বাতাবৰণ সৃষ্টি কৰিব লাগিব বুলি তেওঁ কয়। সততা, নিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱেৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ প্ৰশিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্যমন্ত্রীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত আৰক্ষী সঞ্চালক প্ৰধানসকলৰ এখন সন্মিলনত ভাষণ প্ৰদান কৰি স্মাৰ্ট পুলিচৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আধুনিক প্রযুক্তিয়ে অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আৰক্ষী বিভাগক অধিক সবলীকৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে আৰক্ষীৰ বিষয়াসকলে অপৰাধীৰ বিৰুদ্ধে প্রযুক্তিগত দিশেৰে অধিক সফলতাৰে যুঁজ দিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে, তদন্ত আৰু অপৰাধ প্ৰতিৰোধ কৌশল বহু পৰিমানে সলনি হৈছে। অত্যাধুনিক ফৰেনচিক সঁজুলিৰে অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো যি সুযোগ প্ৰদান কৰিছে, সেই সুযোগৰ প্ৰয়োগ কৰিবলৈ হ’লে প্ৰযুক্তিগত দক্ষতাৰো বিকাশ সাধন কৰিব লাগিব। স্মার্ট পুলিচিঙৰ প্ৰযুক্তিয়ে কিদৰে পৰিৱৰ্তন সাধন কৰিছে সেই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা আধুনিক প্রযুক্তিগত দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আৰক্ষী বাহিনীৰ সংস্কাৰ সাধনৰ লগতে আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশতো অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে, দেৰগাঁৱত থকা অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উন্নীতকৰণেৰে বিশ্বমানৰ আৰক্ষী একাডেমীলৈ পৰিৱৰ্তন সাধনৰ দিশত অসম চৰকাৰে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে। তেওঁ লগতে কয় যে অপৰাধৰ বিৰুদ্ধে তদন্ত ক্ষীপ্ৰ কৰিবলৈ ফৰেনচিক বিজ্ঞানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আৰক্ষীয়ে পিন্ধা ইউনিফৰ্মটোৱে অকল নিজৰ মৰ্যদায়ে নহয়, জনসাধাৰণেও সন্মান যাছে। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক সকলো ধৰণৰ দুৰ্নীতি পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। এই প্রশিক্ষণে কৰ্মজীৱনত যথেষ্ট সুযোগ প্ৰদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াত আহৰিত জ্ঞানেৰে জনসাধাৰণৰ বাবে সমর্পিত মনোভাৱেৰে সেৱা আগবঢ়াব লাগিব। ভাষণ প্ৰসংগত তেওঁ কয় যে ড্ৰাগছ সৰবৰাহ, শিশু অপৰাধ, মহিলা নির্যাতন আদি ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। এই ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে যথেষ্ট সফলতা দেখুৱাইছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অসম আৰক্ষীত অতি স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু প্ৰশিক্ষাৰ্থীসকলৰ দক্ষতাই তাকে পুনৰবাৰ প্ৰমাণ কৰিছে।

উল্লেখ্য যে, এই অনুষ্ঠানত বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত মুখ্যমন্ত্ৰীয়ে ডিজিপি ত্ৰিপুৰা ৰাণিং ট্ৰফী এণ্ড নেপা চিলভাৰ মেডেল ফ’ৰ পুলিচ চায়েন্স, হোম মিনিষ্টাৰ অৰুণাচল প্ৰদেশ ৰাণিং ট্ৰফী এণ্ড নেপা চিলভাৰ মেডেল পুলিচ অপাৰেশ্বনছ, চীফ মিনিষ্টাৰ মেঘালয় বেটন অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল বেষ্ট ইণ্ডোৰ ট্ৰেইনী, চীফ মিনিষ্টাৰ অৰুণাচল প্ৰদেশ বেটন অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল বেষ্ট আউটডৰ ট্ৰেইনী, দ্যা গভর্ণৰ অৱ মেঘালয় চৰ্ড অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল অল ৰাউণ্ড বেষ্ট ট্ৰেইনী ট্ৰফী আৰু মেডেল প্ৰদান কৰে।

এই অনুষ্ঠানত নেপাৰ সঞ্চালক অনুৰাগ আগৰৱালা, অসম আৰক্ষী সঞ্চালক প্রধান জি পি সিং, মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণই প্ৰমুখ্যে উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...