PRP ভেলী ৰিজ’ৰ্টত বন বিভাগৰ তলা

ৰাজ্যৰ বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দি আৰু পৰিৱেশৰ সন্তুলন বজাই ৰখাটোৱেই চৰকাৰৰ বন বিভাগৰ মূল উদ্দেশ্য আৰু দায়িত্ব। কিন্তু এই দায়িত্বৰ কথা বাৰে বাৰে কিয় সোঁৱৰাই দিব লাগে বন বিভাগক। বুধবাৰে পুৱাৰে পৰা NKTVৰ কেইবাখনো বুলেটিনত সম্প্ৰচাৰিত হ’ল গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আমচাং অভয়াৰণ্যত বন ধ্বংস আৰু পাহাৰ খননৰ এক এক্সক্লুছিভ বাতৰি। PRP ভেলী নামৰ এখন ৰিজৰ্টৰ স্বত্বাধিকাৰীয়ে মটৰচাইকেল ৰাইডিং, জিপ ছাফাৰীৰ বাবে পথ নিৰ্মাণৰ নামত নীতি বহিৰ্ভূতভাবে খনন কৰিছে আমচাং অভয়াৰণ্যৰ পাহাৰৰ ভূমি। দখল কৰিছে অভয়াৰণ্যৰ হস্তীদণ্ডী। NKTVত পুৱাৰে পৰা এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে দিনৰ ভাগত PRP ভেলী ৰিজ’ৰ্টৰ প্ৰতিখন গেটত তলা ওলমাই দিয়ে বন বিভাগে।

পুৱাৰে পৰা প্ৰতিখন বুলেটিনত NKTVৰ বাতৰি
বাতৰি দেখি টোপনি ভাঙিল বিয়াগোম বন বিভাগৰ
দুপৰীয়া PRP ভেলী ৰিজ’ৰ্টত বন বিভাগৰ তলা

বাতৰিৰ কেন্দ্ৰবিন্দু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আমচাং অভয়াৰণ্যৰ গা-তে লাগি থকা এখন বিতৰ্কিত ৰিজ’ৰ্ট। নাম পি আৰ পি ভেলী ৰিজ’ৰ্ট। বনদস্যুৰ ৰূপত নামি আমচাং অভয়াৰণ্যত মুকলি ধ্বংসযজ্ঞ চলাইছে ৰিজ’ৰ্টৰ স্বত্বাধিকাৰীয়ে। দৃশ্য এয়া। PRP ভেলী ৰিজ’ৰ্টে আমচাং অভয়াৰণ্যত চলোৱা ধ্বংসযজ্ঞ স্বচক্ষে চাবলৈ মংগলবাৰে বনাঞ্চলখনত উপস্থিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ এটা সঁজাতি দল। অভয়াৰণ্যৰ ভিতৰত মুকলি বনধ্বংসৰ দৃশ্য দেখি স্তম্ভিত হৈ পৰিল দলটো। সকলো ফালেই কেৱল ধ্বংস আৰু ধ্বংস।

ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী অতুল বড়ো। গ্ৰাহকৰ বাবে ৰিজ’ৰ্টখনত আছে বাইক ৰাইডিঙৰ ব্যৱস্থা। লগতে আন্তঃগাঠনি নিৰ্মাণ কৰি থকা হৈছে জীপ ছাফাৰীৰো। আৰু PRP ভেলী ৰিজ’ৰ্টৰ এই আন্তঃগাঠনি নিৰ্মাণৰ নামত স্বত্বাধিকাৰী অতুল বড়োই নীতি বহিৰ্ভূতভাবে এফালৰ পৰা কাটি গৈছে আমচাং অভয়াৰণ্যৰ পাহাৰ আৰু মূল্যবান গছ। প্ৰায় ১৯০০ বিঘা ভূমিত চলিছে এই বন ধ্বংসযজ্ঞ। নিৰ্মাণ কৰা হৈছে প্ৰায় ১৭ কিলোমিটাৰ অকোঁৱা পকোৱা পথ। ৰিজ’ৰ্টৰ বাবেই বন্ধ কৰি পেলোৱা হৈছে হস্তী দণ্ডী। NKTVৰ সাংবাদিকৰ কেমেৰাত বন্দী হ’ল অবৈধ পাহাৰ খনন চলাই থকা এক্সকেভেটৰৰ দৃশ্যও। এই অবাধ বন ধ্বংসযজ্ঞই ভয়ানকভাবে প্ৰভাৱাম্বিত কৰিছে আমচাং অভয়াৰণ্যৰ বনৰীয়া হাতী আৰু লাজুকী বান্দৰক। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই গৈছে বন্যজন্তু।

পুৱাৰে পৰা প্ৰতিখন বুলেটিনত সম্প্ৰচাৰ হ’ল এই বাতৰি। তাৰ পিছতহে টোপনি ভাঙিল বন বিভাগৰ। বুধবাৰে NKTVৰ এই বাতৰিৰ পিছতে PRP ভেলী ৰিজ’ৰ্টৰ প্ৰতিখন গেটতে তলা ওলমালে বন বিভাগে। কিন্তু আজিহে কিয়? বন বিভাগক কিয় সোঁৱৰাই দিব লগা হ’ল তেওঁলোকৰ দায়িত্ব? নে PRP ভেলী ৰিজ’ৰ্টৰ স্বত্বাধিকাৰীয়ে ইমান দিনে মেনেজ কৰি থৈছিল বন বিভাগক?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...