ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভ

ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভ
দুভৰিৰ যাদুকৰৰ হাতত অষ্টমটো বেলন ডি’অৰ বঁটা

লিঅ’নেল মেছি। বিশ্ব ফুটবলৰ তেওঁ মহাতাৰকা । তেওঁৰ দুভৰিৰ ছন্দত চূৰ্ণ-বিচূৰ্ণ হৈ বিশ্বৰ নামি দামী ডিফেণ্ডাৰ, নামি দামী ফুটবল দল। আৰ্জেণ্টিনাৰ এখন সৰু চহৰ ৰোজাৰিওত জন্মলাভ কৰা এইজন ফুটবলৰ তাৰকাই নিজৰ ফুটবলৰ বিক্ৰমৰে মন্ত্ৰমুগ্ধ কৰি আহিছে বিশ্ব কোটি কোটি ফুটবল অনুৰাগীক। দখল কৰি আহিছে বহু গুৰুত্বপূৰ্ণ ট্ৰফী, বঁটা। বিশ্ব ফুটবলৰ তেনে এক গুৰুত্বপূৰ্ণ বঁটা আকৌ নিজৰ নামত কৰে মহাতাৰকাজনে। অষ্টমবাৰলৈ সন্মানীয় বেলন ডি’অৰ বঁটা লাভ কৰে মেছিয়ে। বিগত বিশ্বকাপ ফুটবলত দেশৰ হাতত সুদৃশ্য ট্ৰফী তুলি দিয়াত মেছিয়ে যোগোৱা অসামান্য অৱদানৰ বাবেই এই বঁটা প্ৰদান কৰে ফুটবলৰ যাদুগৰজনক। বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনক ফিফাই বছৰি প্ৰদান কৰে এই বঁটা। ইয়াৰ পূৰ্বে ২০০৯, ২০১০, ২০১১, ২০১২…
২০১৫, ২০১৯ আৰু ২০২১ত মেছিয়ে লাভ কৰিছিল এই বঁটা

সন্মানীয় বেলন ডি’অৰ লাভ কৰাৰ পিছত মেছিয়ে কৈ “মই কল্পনাও কৰিব পৰা নাছিলো যে মোৰ এনেকুৱা কেৰিয়াৰ হ’ব। মই বিশ্বৰ শ্ৰেষ্ঠ দলৰ হৈ খেলিব পাইছোঁ, যিটো মোৰ ভাগ্য। এই ব্যক্তিগত ট্ৰফীবোৰ জয়লাভ কৰি ভাল লাগিছে। কোপা আমেৰিকা আৰু তাৰ পিছত বিশ্বকাপ জয় কৰাটো মোৰ বাবে ডাঙৰ প্ৰাপ্তি”। ৩৬ বছৰীয়া মেছিয়ে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰা ৩টা তিনিটা বেলন ডি’অৰ বঁটা অধিক লাভ কৰিছে। ৰোনাল্ডোয়ে ২০১৭ চনত অন্তিমটো অন্তিমটো বেলন ডি’অৰ বঁটা জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে মহিলাৰ বৰ্ষশ্ৰেষ্ঠ বেলন ডি’অৰ বঁটা লাভ কৰে স্পেইনৰ ২৫ বছৰীয়া আইটানা বনমাটিয়ে।

উল্লেখ্য যে, আইটানা হৈছে বাৰ্চিল’না এফচিৰ খেলুৱৈ। ইপিনে, মেছিৰ বিশ্বকাপ বিজয়ী সতীৰ্থ এমিলিয়ানো মাৰ্টিনেজে বিশ্বৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰে। মুঠৰ ওপৰত এইবাৰৰ বেলন ডি’অৰ চলে আৰ্জেন্টাইন আৰু বাৰ্চিল’নাৰ খেলুৱৈৰ যাদু। মেছিৰ এই সাফল্যক আনন্দিত কৰি তুলিছে অনুৰাগীসকলক। ইউৰোপ আৰু বিশ্বজয়ৰ পিছত নৰ্থ আমেৰিকাত চলক মেছিৰ দুভৰিৰ যাদু। আশা অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...