বিদেশৰ মাটিত প্ৰবাসী অসমীয়াৰ অসমীয়াগিৰি!

এগৰাকী ১৬ বছৰীয়া অসমীয়া যুৱক অশ্বিন হাজৰিকাই আমেৰিকাৰ বাকৰিত অব্যাহত ৰাখিছে মাতৃভাষাৰ চৰ্চা। বিদেশৰ চৌপাশে ঢুকি নোপোৱা, তেজত থলুৱা মাটিৰ গোন্ধ প্ৰবাহিত, পিতৃ কৃষ্ণ হাজৰিকা আৰু মাতৃ অঞ্জনা বৰদলৈৰ সৈতে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী অশ্বিনৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি আবেগ জন্মলগ্নৰে পৰা সঞ্চিত। আমেৰিকাৰ বিভিন্ন মঞ্চত ৪ বছৰ বয়সৰ পৰা তেওঁ অসমীয়া ভাষাত গীত পৰিৱেশন কৰি প্ৰবাসী অসমীয়া হৈ কিদৰে নিজৰ মাতৃভাষাক সন্মান জনাব পাৰি তাক প্ৰমাণিত কৰি আহিছে।

সংগীতৰ প্ৰতি আগ্ৰহী অশ্বিনৰ বহুদিনীয়া সপোন আছিল অসমীয়া ভাষাত নিজৰ গীত এটি মুকলি কৰাৰ। সেই সপোনৰ পম খেদি ২৩ অক্টোবৰ তাৰিখে নিজৰ ১৭ বছৰীয়া ওপজা দিনটিত অশ্বিনে নিজা ইউটিউব চেনেল @AshwinOutbreak ৰ জৰিয়তে মুকলি কৰিছে ৰাহুল গৌতম শৰ্মাৰ কলমত প্ৰাণ পাই উঠা “কেঁচা সোণ” নামৰ গীতটি। গীতটিৰ সংগীত প্ৰবন্ধক সুদৰ্শন, সংগীত মিশ্ৰণ কৰিছে ইবছন লাল বৰুৱাই, ভিডিঅ’ পৰিচালনা কৰিছে ৰোহন ভিৰ্দিয়ে। বিদেশী মাটিত মাতৃভাষাৰ গোন্ধ বিয়পাই অশ্বিনে এই গীতটিৰ মাজেৰে লৈ আহিছে তেওঁৰ প্ৰতিভাৰ অনন্য সংস্কৰণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...