‘অসমত অনা-অসমীয়াৰ দপদপনি নচলিব’, অনা অসমীয়া ব্যৱসায়ী মুকলি ভাবুকি ছাত্ৰ সংগঠনৰ

মানসিকভাবে বাধাগ্ৰস্ত এইজন অসমীয়া যুৱকক খুঁটাত বান্ধি অত্যাচাৰ চলাইছিল জখলাবন্ধাৰ একাংশ ব্যৱসায়ীয়ে। চুৰিৰ অভিযোগ তুলিছিল যুৱকজনৰ বিৰুদ্ধে। কিন্তু যুৱকজনৰ তালাচীত একো নোলাল। মৰেল পুলিচধাৰী একাংশ উন্মত্ত ব্যৱসায়ীয়ে উপৰ্যুপুৰি প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰি পেলায় যুৱকজনক। পিছত স্থানীয় একাংশ লোক আৰু আৰক্ষীৰ হস্তক্ষেপতহে উদ্ধাৰ হয় মানসিক বাধাগ্ৰস্ত যুৱকজন।

শুকুৰবাৰে সন্ধিয়া এই আক্ৰমণৰ নেতৃত্ব লৈছিল এইজন ব্যৱসায়ীয়ে। আৰু ঠিক ২৪ ঘন্টা পিছত একেজন ব্যৱসায়ীৰ এই দশা। ক্ষমা নুখুজিলে ৭ দিন দোকান বন্ধ কৰি দিয়াৰ ভাবুকি। ছাত্ৰ সংগঠনটোৰ দাবীত হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা অভিযুক্ত ব্যৱসায়ীৰ। মোৰ ভুল হৈছে, আৰু এনে কাম নকৰোঁ।

পুনৰ আৰক্ষীৰ হস্তক্ষেপ। জখলাবন্ধা থানাতো এজাহাৰ দিয়াৰ কথা ক’লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰক্ষীৰ বুজনি আৰু অভিযুক্ত ব্যৱসায়ীৰ ক্ষমা প্ৰাৰ্থনাত অৱশেষত ক্ষান্ত হ’ল ছাত্ৰ সংগঠনৰ দলটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...