আন্তজাৰ্তিক ক্ৰিকেটত নতুন অভিলেখ স্পৰ্শ বিৰাট কোহলি, ৰোহিত শৰ্মাৰ

ভাৰতীয় দলৰ ২ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা। উভয়ে ক্ৰিকেট বিশ্বত এটাৰ পিছত এটাকৈ সৃষ্টি কৰিছে অভিলেখ। সোমবাৰে এদিনীয়া আন্তৰ্জাতিকত ১৩ হাজাৰ ৰাণৰ ৫ জনীয়া ক্লাবত বিৰাট কোহলি অন্তৰ্ভুক্ত হোৱাৰ পিছতে মঙলবাৰে ১০ হাজাৰ ৰাণৰ ১৫ জনীয়া ক্লাবত সোমাল ৰোহিত শৰ্মা।

আন্তজাৰ্তিক ক্ৰিকেটত নতুন অভিলেখ স্পৰ্শ বিৰাট কোহলি, ৰোহিত শৰ্মাৰ
এদিনীয়া ক্ৰিকেটত ৫ম খেলুৱৈৰূপে ১৩ হাজাৰ ৰাণ সম্পূৰ্ণ বিৰাট কোহলিৰ
তেণ্ডুলকাৰে ৩২১টা, ৰিকি পণ্টিঙে ৩৪১টা ইনিংছত ১৩ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিছিল
বিপৰীতে মাথোঁ ২৬৮ এদিনীয়াত এই কৃতিত্ব বিৰাট কোহলিৰ
পাকিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত শতকেৰে উজলি উঠা কোহলিৰ এদিনীয়াত শতকৰ সংখ্যা ৪৭
পঞ্চদশসংখ্যক খেলুৱৈৰূপে এদিনীয়াত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ ৰোহিত শৰ্মাৰ
ৰোহিতৰ পূৰ্বে ৫ ভাৰতীয় ক্ৰিকেটাৰে এই কৃতিত্ব অৰ্জন কৰিছিল

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে মঙলবাৰে অনুষ্ঠিত এছিয়া কাপৰ খেলখনত এক বিৰল অভিলেখ স্থাপন কৰিলে। এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰাণ কৰা ১৫ জন খেলুৱৈৰ ভিতৰত স্থান লাভ ৰোহিত শৰ্মাৰ। ৰোহিত শৰ্মাই এতিয়ালৈকে ২৪৮ খন এদিনীয়া আন্তৰ্জাতিকৰ ২৪১খনত বেটিং কৰি ৪৯.১৪ গড়ে এই মাইলষ্ট’নত উপনীত হয়। ৰোহিত শৰ্মাই ৫২খন টেষ্ট কৰি ৩ হাজাৰ ৬৭৭ ৰাণ কৰাৰ বিপৰীতে ১৪৮খন টি ২০ত অংশ লৈ ৩০.৮২ গড়ে ৩ হাজাৰ ৮৫৩ ৰাণ কৰিছে। ২০০৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়া আন্তৰ্জাতিকত অংশ লৈছিল ৰোহিতে।

ৰোহিত শৰ্মাৰ পূৰ্বে ১০,০০০ ৰাণৰ ক্লাবত ৫ ভাৰতীয়, ৪ শ্ৰীলংকান খেলুৱৈ
এই ক্লাবত ৱেষ্ট ইণ্ডিজৰ ২জন, অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকা-পাকিস্তানৰ এজনকৈ খেলুৱৈ
এদিনীয়াত ৪৬৩ খেলত অংশ লৈ ৪৪.৮৩ গড়ে সৰ্বাধিক ১৮,৪২৬ ৰাণ তেণ্ডুলকাৰৰ
২য় স্থানত আছে ৪০৪খন খেলত ১৪,২৩৪ ৰাণ কৰা শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা
৩য় স্থানত ৩৬৫ খেলত ১৩,৭০৪ ৰাণ কৰা অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং
শ্ৰীলংকাৰ ছনথ জয়সূৰ্যই ৪৪৫ খন খেলত ১৩,৪৩০ ৰাণেৰে ৪ৰ্থ স্থানত
তালিকাৰ ৫ম স্থানত আছে ভাৰতৰ ১৩,০২৪ ৰাণেৰে বিৰাট কোহলিয়ে
তেণ্ডুলকাৰ, কোহলিৰ উপৰিও এই ক্লাবত আছে সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, এম এছ ধোনী

হয়তো ৰোহিত শৰ্মাই অনাগত আৰু বহুদিনলৈ খেলি যাব আন্তৰ্জাতিক ক্ৰিকেট। আৰু বহু অভিলেখ ভংগ কৰিব ভাৰতীয় খেলুৱৈজনে। ৰোহিত শৰ্মালৈ থাকিল শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...