গুৱাহাটীত যুৱতীৰ মৃত্যুক লৈ উত্তাল বিশ্বনাথ

শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছিল এটা শোকাৱহ ঘটনা। এটা অট্টালিকাৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী যুৱতীৰ। তাৰ পাছতেই প্ৰতিবাদত উত্তাল বিশ্বনাথ। যুৱতীগৰাকীৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে একাংশই।

গুৱাহাটীত যুৱতীৰ মৃত্যুক লৈ উত্তাল বিশ্বনাথ
কেনেকৈ ষষ্ঠ মহলাৰ পৰা পৰিছিল বনকৰা যুৱতী মীনা মুণ্ডা
দুৰ্ঘটনা নে আন কিবা?

শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছিল এটা শোকাৱহ ঘটনা। এই অট্টালিকাটোৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী যুৱতীৰ।
দীনেশ আগৰৱাল নামৰ লোকজন ঘৰৰ বনকৰা যুৱতী আছিল মীনা
এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই বিশ্বনাথৰ জিনজিয়া থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ। যুৱতীগৰাকীৰ মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালে। মৃতদেহ থানাৰ সন্মুখত থৈ জাউৰীয়ে জাউৰীয়ে প্ৰতিবাদী শ্লোগান। বনকৰা যুৱতীগৰাকীক যোৱা সাতমাহে নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ। বিভিন্ন সময়ত মীনা মুণ্ডাই ফোনযোগে ভাতৃক জনাইছিল নিৰ্যাতনৰ কথা।

মৃত্যুৰ পাছতো এবাৰ যুৱতীগৰাকীৰ বেমাৰ হোৱা বুলি, আই চি ইউত থকা বুলি বিভিন্ন খবৰ দিয়া হৈছিল পৰিয়ালক। তাক লৈও সন্দেহ উপজিছে দল-সংগঠনৰ। এওঁলোকৰ দাবী, গোটেই ঘটনাটোত আছে ৰহস্য। শীঘ্ৰে ঘটনাটোৰ তদন্ত কৰাৰ লগতে দীনেশ আগৰৱালক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰীৰ।

যুৱতীগৰাকীক গুৱাহাটীলৈ লৈ আনিছিল পৰিয়ালৰে এগৰাকী মহিলাই। চাহ জনগোষ্ঠীৰ কিশোৰী-যুৱতীক কাম কৰোৱাবলৈ লৈ অনা হয় চহৰলৈ। তাৰ পাছত বহুসময়ত ঘটে এনে ঘটনা। এনেবোৰ ঘটনাৰ আঁৰত এটা চক্ৰ জড়িত থকাৰ সন্দেহ একাংশৰ। প্ৰতিবাদকাৰীৰ সকীয়নি এই ঘটনাৰ উচিত তদন্ত নকৰিলে আগন্তুক দিন এওঁলোকে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...