UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰ

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰ
ডুবাই–আবু ধাবি শ্বেইখ জায়াদ হাইৱেৰ কাষত নিৰ্মাণৰত এই মন্দিৰ
মন্দিৰটো সম্পূৰ্ণ হ’লে মুছলমান বসতিপ্ৰধান মধ্যপ্ৰাচ্যত হ’ব প্ৰথমটো মন্দিৰ
BAPS স্বামী নাৰায়ণ সংস্থাই নিৰ্মাণ কৰিছে এই স্বামী নাৰায়ণ মন্দিৰ
নিৰ্মাণকাৰ্যৰ প্লেনিং মেনেজাৰৰ দায়িত্বত এজন অসমীয়া ঈশ্বৰ প্ৰসন্ন দাস

ইছলাম ধৰ্মাৱলম্বী বসতি প্ৰধান সংযুক্ত আৰব গণৰাজ্যৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈছে এই বিশাল হিন্দু মন্দিৰ। আহমেদাবাদত অৱস্থিত BAPS স্বামী নাৰায়ণ সংস্থাই এই মন্দিৰ নিৰ্মাণ কৰিছে প্ৰায় ৫৫ হাজাৰ বৰ্গ মিটাৰ এলেকাত। মন্দিৰটোৰ চৌপাশ শোভিত হৈ আছে বহু ভাৰতীয় শিল্পীয়ে সুনিপুন হাতেৰে নিৰ্মাণ কৰা সৰু–বৰ অগণন মূৰ্তিৰে।

২৭ একৰ ভূমিত নিৰ্মাণ হৈছে এই মন্দিৰটো
মন্দিৰটোৰ নিৰ্মাণ ব্যয় হৈছে ৪০০ নিযুত UAEৰ মুদ্ৰা ডিৰহাম
ভাৰতীয় টকা হিচাপত এই পৰিমাণ হৈছে প্ৰায় ৯০০ কোটি টকা

২০১৫ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ আনুষ্ঠানিকভাৱে UAE ভ্ৰমণ কৰাৰ কালত সেই দেশৰ চৰকাৰে আবু ধাবিত এটা হিন্দু মন্দিৰ স্থাপনৰ কাৰণে ভূমিৰ আৱণ্টন জনাইছিল। মন্দিৰটোৰ বাবে এই ভূমি দান হিচাপে দিছিল আবু ধাবিৰ তেতিয়াৰ যুৱৰাজ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে। বৰ্তমান UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক শ্বেইখ মহম্মদ। মন্দিৰ নিৰ্মাণৰ বাবে ৰাজস্থানৰ পৰা আবু ধাবিলৈ নিয়া হৈছিল অসংখ্য গোলাপী চুনশিলৰ টুকুৰা। এই সন্দৰ্ভত মন্দিৰটো নিৰ্মাণৰ প্লেনিং মেনেজাৰৰ দায়িত্বত থকা প্ৰৱাসী অসমীয়া ঈশ্বৰ প্ৰসন্ন দাসে এইদৰে কয়–

২০১৯ৰ ২০ এপ্ৰিলত আধাৰশিলা স্থাপন হয় এই সুবিশাল মন্দিৰটোৰ
নিৰ্মীয়মান মন্দিৰটোতে ২০১৯ চনৰ পৰা পালিত হৈ আছে জন্মাষ্টমী, ৰক্ষাবন্ধন উৎসৱ
২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰৰ আনুষ্ঠানিক উদ্বোধন হ’ব
BAPS স্বামী নাৰায়ণ সংস্থাৰ বিশ্বজুৰি আছে ১,১০০ৰো অধিক মন্দিৰ
দিল্লীত থকা অক্ষৰধাম মন্দিৰসহ বিশ্বৰ ভিন্ন প্ৰান্তত মন্দিৰ নিৰ্মাণ কৰিছে এই সংস্থাই

আবু ধাবিৰ এই বিশাল হিন্দু মন্দিৰক লৈ UAEটো উৎসুকতাৰ অন্ত নাই। মন্দিৰটোৰ বিশেষত্ব হৈছে মন্দিৰটোৰ নিৰ্মাণত ব্যৱহাৰ হোৱা নাই লোহাসহ কোনো ধাতু। ৰাজস্থানৰ পৰা অনা চুনশিলেৰে নিৰ্মাণ কৰা হৈছে এই মন্দিৰ।

মন্দিৰ প্ৰাংগণত আছে ১০০০ গাড়ী, ৩০খন বাছ পাৰ্কিঙৰ ব্যৱস্থা
মন্দিৰটোত আছে দুখন হেলিপেড, সুবিশাল প্ৰেক্ষাগৃহ, পুথিভঁৰালো
ৰামায়ণ, কৃষ্ণ লীলা, লৰ্ড আয়েপ্পাৰ ঘটনাৱলী বৰ্ণিত হৈছে মন্দিৰত
এই মন্দিৰ পৰিস্ফুট কৰা হৈছে ভাৰতীয় আৰু আৰবীয় সংস্কৃতিৰ সংমিশ্ৰন

এই মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ইতিমধ্যে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠা UAE ভাৰতীয় পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিব। সংযুক্ত আৰব গণৰাজ্যৰ লগতে মধ্যপ্ৰাচ্যৰ হিন্দু ধৰ্মাৱলম্বীৰ বাবে এই মন্দিৰ হৈ পৰিব অন্যতম উপসনাৰস্থলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানৰ সৈতে যুদ্ধৰ প্ৰস্তুতি পুটিনৰ? পাৰমাণৱিক চাবমেৰিন লৈ উপস্থিত ৰাছিয়ান সেনা

ৰাছিয়া আৰু জাপানৰ মাজত বিতৰ্কিত কুৰিল দ্বীপপুঞ্জক লৈ পুনৰ...

YouTubeত কন্টেট বনোৱাসকলৰ বাবে ডাঙৰ খবৰ; ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া হৈ পৰিব অধিক কঠিন

নতুন আৰু উদীয়মান ক্ৰিয়েটৰসকলৰ বাবে ইউটিউবৰ পৰা টকা উপাৰ্জন...

মিউচুৱেল ট্ৰেন্সফাৰক লৈ শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা, সময়মতে নতুন বিদ্যালয়ত যোগদানৰ নিৰ্দেশ

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ Inter-District Mutual Transfer আৰু...