প্ৰণৱ মিলিক জীৱন সংগ্ৰামৰ অক্লান্ত যুঁজাৰু হিচাপে ঘনিষ্ঠভাৱে জানিছিলোঁ : ৰণোজ পেগু

খবৰৰ ভিৰত হেৰাই যায় বহু খবৰ। সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াত চৰ্চিত হ’ব লগা তেনে এটি বিষয় হেৰাই গৈছিল। খবৰটো আছিল – মহানগৰীত ৰহস্যজনক উদ্ধাৰ হ’ল এজন শিক্ষকৰ মৃতদেহ। খানাপাৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ শিক্ষকজনৰ মৃতদেহ। প্ৰথম অৱস্থাত শিক্ষকজনক দুৰ্বৃত্তই হত্যা কৰি উলোমাই থোৱাৰ সন্দেহ কৰা হৈছিল। যদিও পিছত এই বিষয়ে অনুসন্ধান কৰাত শিক্ষকজনে আত্মহত্যা কৰিছে বুলি গম পোৱা গৈছিৱ। মৃত শিক্ষকজন মাজুলীৰ প্ৰণৱ মিলি। ২০১৬ চনত টেট শিক্ষক হিচাপে নিযুক্তি পাইছিল প্ৰণৱ মিলিয়ে। নিশাৰ ভাগৰ পৰাই মৃতদেহটো উক্ত স্থানত প্ৰত্যক্ষ কৰা হৈছিল যদিও পুৱালৈকে আৰক্ষীয়ে খবৰ পোৱা নাছিল। পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত সংঘটিত হৈছিল এই ঘটনা।

এই ঘটনা সন্দৰ্ভত সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে দিয়া ফেচবুক পোষ্টৰ পিছতে মন মগজু জোঁকাৰি গৈছিল সকলোৰে…
কি লিখিছিল সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে?

কালি দিনটোত বহু ঘটনা-দুৰ্ঘটনা, ক’ৰবাত ব্ৰেকিং নিউজ, ক’ৰবাত এক্সক্লুছিভ—সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ, নতুন আই পি চি-চি আৰ পি চি আইন, বিজেপি নেত্ৰীৰ দুঃখ জনক চৰম সিদ্ধান্ত, ৰাহুল গান্ধীৰ প্ৰেছমেল, উত্তৰ কাছাৰ কেলেংকাৰী খাৰিজ আদিৰ ভিৰত এষাৰ মাত হেৰাই থাকিল।

মাজুলীৰ বাসিন্দা টেট শিক্ষক প্ৰণৱ মিলি। সন্তানৰ পঢ়া শুনাৰ বাবে গুৱাহাটীত বাহৰ, চাকৰি মানকাছাৰত। মাহেকে পষেকে পৰিয়ালটো চাবলৈ মানকাছাৰৰ কৰ্মস্থলীৰ পৰা গুৱাহাটীলৈ আহিব লগা হয়। হয়তো ৩০/৪০ হাজাৰ টকা দৰমহা, তিনিখন ঘৰ চম্ভালিব লাগে, লৰা ছোৱালী পঢ়ুৱাব লাগে, ডিঙিলৈকে ধাৰ। বৃহস্পতিবাৰৰ নিশা ঘৰৰ পৰা মানকাছাৰৰ বাছ ধৰিবলৈ খানাপাৰালৈ আহি থাকোতে হয়তো প্ৰণৱ মিলিৰ জীৱনক দুঃসহ বোধ হল।তেওঁ উপলব্ধি কৰিলে তেওঁ হাৰি গৈছে সম্পূৰ্ণভাৱে।জি এছ ৰোডৰ ৰাস্তাৰ কাষৰ গছজোপাত ছিপ লোৱাৰ পূৰ্বে শিক্ষক জনে লিখি গল ছুইচাইড নোট।সকলোৰে হৈ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনালে, সাধাৰণ স্কুল শিক্ষকসকলক ঘৰৰ ওচৰত পোষ্টিং দি অলপ সকাহ দিয়াৰ।মিলিৰ নিজৰ পৰিয়ালটোকো এটা যোগ্য সংস্থান দিয়াৰ।

হয়তো, শিক্ষক জনৰ সেয়াই শেষ অনুৰোধ আছিল। প্ৰণৱ মিলিয়ে ভাবিছিল ৰাজহুৱা স্থানত ওলমি থকা তেওঁৰ দেহটোৱে এই কথাটোত গুৰুত্ব দিব লৈ কৰ্তৃপক্ষক বাধ্য কৰিব। ঘৰৰ পৰা দূৰণিত কৰ্মস্থলী, বেংকত বহুত ধাৰ,সংসাৰ নচলে কোনোপধ্যে।

কালি প্ৰণৱ মিলিৰ শেষ অনুৰোধো নিউজৰ ধুমুহাত হেৰাই গ’ল। আত্মঘাতী হৈয়ো প্ৰণৱ মিলিয়ে প্ৰাপ্য গুৰুত্ব নাপালে। এই লেখাৰে ময়ে শিক্ষক জনৰ আৰ্জি বা বাৰ্তা কৰ্তৃপক্ষক জনোৱাৰ চেষ্টা কৰিছো।সাধাৰণ স্কুল শিক্ষকসকলক অন্তত নিজৰ অঞ্চল বা জিলাত নিযুক্তিৰ ব্যৱস্থা কৰক। দুৰ্ভগীয়া প্ৰণৱ মিলিৰ হৈ ময়ে মাত এষাৰ মাতিছো।🙏

ছ’চিয়েল মিডিয়াত ফেচবুক পোষ্টটো বনজুইৰ দৰে বিয়পি পৰিল। বিভিন্নজনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ইয়াৰ পিছতে, নিশা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফেচবুকত লিখিলে-

কালি অস্বাভাৱিকভাৱে মৃত্যুক আঁকোৱালি লোৱা শিক্ষক প্ৰণৱজ্যোতি মিলিৰ অকাল বিয়োগত মই মৰ্মাহত হৈছোঁ। তেওঁৰ মৃত্যুত মই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। মাজুলীৰ এক বানবিধ্বস্ত অঞ্চলৰ সন্তান প্ৰণৱজ্যোতি মিলিয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি জীৱন সংগ্ৰামৰ বাবে এসময়ত গুৱাহাটীত ৰিক্সা চলাই বাতৰিৰ শিৰোনামলৈ আহিছিল। পৰৱৰ্তী সময়ত মই জড়িত থকা ‘River People’ সংগঠনতো প্ৰায় ডেৰ বছৰ ধৰি কাম কৰিছিল। টেট উত্তীৰ্ণ হৈ ২০১৬ চনত মিলিয়ে শিক্ষকতাত যোগদান কৰে। ‘River People’ ত কাম কৰাৰে পৰা তেওঁক মই সাহসী আৰু জীৱন সংগ্ৰামৰ অক্লান্ত যুঁজাৰু হিচাপে ঘনিষ্ঠভাৱে জানিছিলোঁ। মোৰ বাবে প্ৰণৱজ্যোতি মিলিৰ মৃত্যু অতি দুৰ্ভাগ্যজনক, দুখদায়ক। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ।

প্ৰণৱ মিলিয়ে নিজৰ ফেচবুক একাউন্টত কবিতাৰ মাধ্যমেৰে লিখিছিল তেওঁৰ সংগ্ৰামৰ কাহিনী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...