গংঙ্গাধৰ নৈৰ ওপৰত নিৰ্মিত দলং উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জিলাখনৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোলকগঞ্জ হৈ কানুৰীলৈ যোৱা পথত ধুবুৰী লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা গঙ্গাধৰ নৈৰ ওপৰত নিৰ্মিত ৪/১ নং দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখ্য যে, সীমান্তৱৰ্তী নালিয়া আৰু বিন্যাচৰা, লক্ষীমাৰী, সোণাহাট আদি অঞ্চলৰ ২০ হাজাৰ লোকৰ যোগাযোগৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিবলগীয়া ৬৮২.৫৫ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন আৰ আই ডি এফৰ অধীনত ৭৩.৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিশেষকৈ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ হৈ বাংলাদেশৰ সৈতে সংযোগ সাধন কৰি এই দলঙখনে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা, অর্থনৈতিক বিকাশ আৰু জৰুৰীকালীন সেৱা সূচল যাতায়াতৰ দিশত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। তদুপৰি গোলকগঞ্জ, কানুৰীগাঁও আৰু দাঁতিকাষৰীয়া অঞ্চলৰ মাজত প্ৰায় ২৫ কিঃ মিঃ দৈৰ্ঘ্যৰ দুৰত্ব হ্ৰাস কৰি এই দলংখনে অঞ্চলবাসীৰ বাবে সুচল যাতায়াত সুবিধা বৃদ্ধিৰে জনসাধাৰণৰ সময় আৰু সম্পদ যথেষ্ট ৰাহি কৰিব।

দলং উদ্বোধনৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে এই দলংখনে অকল পথ যোগাযোগেই নহয়, অঞ্চলটোৰ বিকাশৰ গতিও অধিক দ্রুত কৰি তুলিব। আজি উদ্বোধন হোৱা এই দলংখনৰ জৰিয়তে অঞ্চলবাসীৰ এটা বহুদিনীয়া অভাৱ পূৰ্ণ হ’ল বুলি মন্তব্য কৰি তেওঁ কয় যে দলংখন নিৰ্মাণ হৈ উঠাৰ ফলত অঞ্চলটোত ব্যৱসায়-বাণিজ্যই এক নতুন গতি লাভ কৰিব । ৰাজ্য চৰকাৰে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰি ৰাজ্যখনৰ উন্নয়নৰ প্ৰক্ৰিয়া অধিক গতিশীল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

আজিৰ এই দলং উদ্বোধনী অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পরিত্ৰ মাৰ্ঘেৰিটা, প্রাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব চন্দন শৰ্মাকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবর্তী সত্রশালত থকা শ্ৰীশ্ৰী ধাম ৰাম ৰাই কুঠী সত্ৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মঙ্গল কামনা কৰি ভক্তিভৰা প্ৰণিপাত আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে সত্ৰখনত সংৰক্ষিত হৈ থকা আপুৰুগীয়া সম্পদাজিও দৰ্শন কৰাৰ লগতে সত্ৰখনৰ সত্ৰাধিকাৰ জীতেন্দ্রনাথ প্রধানী, ডেকা সত্ৰাধিকাৰ, বুঢ়া ভকত প্ৰমুখ্যে ভকত, বৈষ্ণৱসকলৰ লগত সত্ৰখনৰ অভাৱ- অভিযোগ তথা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই দিশত যথাসম্ভৱ সহায়ৰ আশ্বাস প্রদান কৰে।

মুখ্যমন্ত্ৰীয়ে এই সত্ৰ পৰিদৰ্শনৰ সময়ত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, প্রাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে বহু কেইগৰাকী গণ্যমান্য উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...