ঘৰলৈ উভতি যাবলৈ ভঙাগড় বাছ আস্থানত ৰৈ আছিল জিৎ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবেই এক জটিল ৰোগৰ চিকিৎসাক লৈ নিশ্চিন্ত হ’ল বাক্সাৰ এজন ৰোগাক্ৰান্ত যুৱক। যুৱকজনৰ নাম জিৎ দাস। চকুৰ জটিল নিউৰ’ফিব্ৰমা ৰোগত আক্ৰান্ত হৈ আছিল যুৱকজন। সোমবাৰে ভাঙাগড় বাছ আস্থানত যুৱকজনক ৰৈ থকা দেখি কনভয় ৰখাই নামি গ’ল মুখ্যমন্ত্ৰী শৰ্মা। লগে লগেই ফোনযোগে GMCHত যুৱকজনৰ অস্ত্ৰোপচাৰ আৰু সু-চিকিৎসাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰীয়ে।

খোদ মুখ্যমন্ত্ৰীয়ে যেতিয়া সহায় হয়…

এই দৃশ্য গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ। মুখ্যমন্ত্ৰীক হঠাৎ ভঙাগড়ত দেখি ৰাইজৰ ভীৰ। দৃশ্যত দেখা গৈছে এজন যুৱকক আঙুলিয়াই কিবা নিৰ্দেশ দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যুৱকজন বাক্সা মুছলপুৰৰ উত্তৰকুছি নিবাসী জিৎ দাস।

জটিল নিউৰ’ফিব্ৰমা ৰোগত আক্ৰান্ত জিৎ দাস।

বাওঁ চকুৰ নিচেই কাষত এডোখৰ মঙহ ওলাই আহিছে জিৎ দাসৰ। GMCH লৈ চিকিৎসাৰ বাবে আহিছিল জিৎ। চিকিৎসা নহ’ল। ঘৰলৈ উভতি যাবলৈ ভঙাগড় বাছ আস্থানত ৰৈ আছিল জিৎ।

একে সময়তে জি এছ ৰোড হৈ ভঙাগড়ৰ সন্মুখেৰে জালুকবাৰীলৈ গৈ আছিল মুখ্যমন্ত্ৰী। হঠাৎ বাছ আস্থানত ৰোগাক্ৰান্ত যুৱকজনক দেখি কনভয় ৰখাই দিলে মুখ্যমন্ত্ৰীয়ে। গাড়ীৰ পৰা নামি যুৱকজনৰ ওচৰ পালেগৈ মুখ্যমন্ত্ৰী। প্ৰথমে যুৱকজনৰ সৈতে কথা বতৰা পাতি অসুখৰ কথা সুধিলে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে ভঙাগড় বাছ আস্থানৰ পৰাই GMCH কতৃপক্ষলৈ ফোন। উপস্থিত বিষয়াক লগে লগেই নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ তৎপৰতাত মাত্ৰ ১০ মিনিটতে সমাধান হ’ল জিতৰ সমস্যা।

GMCHত শীঘ্ৰে হ’ব জিতৰ অস্ত্ৰোপচাৰ।

অস্ত্ৰোপচাৰৰ প্ৰস্তুতিৰ বাবে মংগলবাৰে মুছলপুৰৰ ঘৰলৈ উভতি গ’ল জিৎ দাস। খোদ মুখ্যমন্ত্ৰীৰ পৰা এনে আকস্মিক সহায় পাই ধন্যবাদৰ ভাষা বিচাৰি পোৱা নাই জিৎ দাসে।

জন্মৰ পৰাই এই জটিল ৰোগত আক্ৰান্ত হৈ আছিল জিৎ দাস। আৰ্থিক দুৰবস্থাৰ বাবে সম্ভৱ হৈ উঠা নাছিল চিকিৎসা। সৰুতে মাক-দেউতাকক হেৰুৱাই কঠোৰ পৰিশ্ৰমৰ মাজেৰে জীৱন নিৰ্বাহ কৰা জিতৰ মুখত হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰীয়ে। মনকৰিবলগীয়া যে বাক্সাৰ BJP যুৱ মৰ্চাৰ সভাপতি সুভাষ ভট্টৰাইৰ তত্বাৱধানত GMCHলৈ চিকিৎসাৰ বাবে আহিছিল জিৎ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...