ৰামদেৱেও ল’ব ক’ভিড ভেকচিন…

চিকিৎসকসকলক পৃথিৱীত ঈশ্বৰৰ দূত বুলি মন্তব্য কৰি যোগ গুৰু বাবা ৰামদেৱে বৃহস্পতিবাৰে কয় যে তেওঁ অতি সোনকালেই এটা ক’ভিড ভেকছিন গ্ৰহণ কৰিব। পতঞ্জলিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পূৰ্বে কৈছিল যে তেওঁক ক’ভিড ভেকছিনৰ প্ৰয়োজন নাই আৰু যোগৰ ওপৰত তেওঁৰ নিপুণতাৰ বাবে তেওঁ সুৰক্ষিত। কিছুদিন পূৰ্বে ৰামদেৱে ক’ভিড-১৯ৰ বিৰুদ্ধে এলোপেথিক ঔষধৰ কাৰ্যকাৰীতা সম্পৰ্কে মন্তব্য দি এক বিতৰ্কসৃষ্টি কৰিছিল। ২১ জুনৰ পৰা সকলোকে বিনামূলীয়া ভেকছিন প্ৰদান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাক আদৰণি জনাই ৰামদেৱে ইয়াক এক “ঐতিহাসিক” পদক্ষেপ বুলি অভিহিত কৰে। ভেকছিনৰ পালি আৰু যোগ-আয়ুৰ্বেদেৰে দ্বৈত সুৰক্ষা প্ৰাপ্ত কৰক বুলি জনসাধাৰণ উদ্দেশ্যি মন্তব্য কৰিলে ৰামদেৱে।

এই দুই মহৌষধে আপোনাক সুৰক্ষাৰ ইমান শক্তিশালী ঢাল দিব যে ক’ভিডৰ পৰা এজনো ব্যক্তিৰ মৃত্যু নহ’ব, পিটিআইৰ এক প্ৰতিবেদনত তেওঁ এইদৰে কয়। তেওঁ কেতিয়া ভেকছিনৰ ড’জ ল’ব বুলি সোধাত যোগ গুৰুজনে কয়, “অতি সোনকালে।” ৰামদেৱে এলোপেথিক চিকিৎসকসকলকো প্ৰশংসা কৰি কয়, “মই কোনো সংগঠনৰ বিৰোধী নহয়। ভাল চিকিৎসকসকল এক প্ৰকৃত আশীৰ্বাদ। তেওঁলোক পৃথিৱীত ঈশ্বৰৰ দূত। কিন্তু একাংশ চিকিৎসকে ভুল কাম কৰে”।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...