সুশান্ত সিং ৰাজপুতৰ Biopic সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

গুৱাহাটী, ১০ জুন, NKTV:মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰিছে। অভিনেতাজনৰ পিতৃয়ে সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা চিনেমাৰ মুক্তিত বাধা আৰোপ কৰিবলৈ জনোৱা দাবীক নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। সুশান্তৰ পিতৃ কে কে সিঙে দিল্লী উচ্চ ন্যায়ালয়ত সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা যিকোনো ছবি নিৰ্মাণত বাধা আৰোপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। NYAY-The Justice, Shasank, Suicide or Murder-A Story Was Lost-এই কেইখন ছবিৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে আবেদন দাখিল কৰিছিল। কে কে সিঙৰ মতে এই ছবি কেইখনে প্ৰয়াত অভিনেতাজনৰ কাহিনী বাখ্যা কৰিছে। তেওঁৰ মতে এনেধৰণৰ ছবি নিৰ্মাণে সুশান্তৰ মৃত্যু সন্দৰ্ভত চলোৱা জেৰাত অসুবিধাৰ সৃষ্টি কৰি পাৰে। কিন্তু এই ঘটনা সন্দৰ্ভত ANIয়ে টুইট কৰিছে শেহতীয়া খবৰ। দিল্লী উচ্চ ন্যায়ালয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰাৰ কথা টুইট যোগে প্ৰকাশ কৰিছে ANIয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...