অনিল নগৰত ভৰলুৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

পৰিদৰ্শন কৰিলে জোনালীত ভৰলু নদীৰ পাৰৰ বেদখল কৰা অঞ্চলো

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ গুৱাহাটীৰ অনিল নগৰত উপস্থিত হয় আৰু ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। লগতে তেওঁ অনিল নগৰ তথা ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী বাছ আস্থানৰ সমীপত ভৰলু নদীৰ দুয়োপাৰৰ বহু অংশ পৰিদৰ্শন কৰি অঞ্চলটোত হোৱা নদীখনৰ বেদখলকাৰ্যও প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে, মহানগৰীৰ অনিল নগৰত সম্প্ৰতি উন্নত প্ৰযুক্তিৰে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্য চলি আছে। নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণকাৰ্য নিখুঁত আৰু খৰতকীয়া কৰাৰ বাবে কৰ্তব্যত নিয়োজিত ঠিকাদাৰক নিৰ্দেশ দিয়ে।‌আনহাতে ভৰলু নদীৰ পাৰ দখল কৰি হোৱা অবৈধ নিৰ্মাণকাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই এনে বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। অঞ্চলটোৰ নৈপৰীয়া পথৰ কিছু অংশ অতিশয় সংকুচিত হৈ পৰা প্ৰত্যক্ষ কৰি এনে অংশসমূহ প্ৰয়োজনীয়ভাৱে বহল কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। এই এলেকাসমূহ ভ্ৰমণ কৰি সংশ্লিষ্ট সমগ্ৰ বিষয়সমূহৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ বাবে চক্ৰ বিষয়া আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...