ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভোগালী বিহু বা মাঘ বিহুৰ বিভিন্ন লোকাচাৰে অসমীয়া সংস্কৃতি আৰু আধ্যাত্মিক জীৱনবোধক শক্তিশালী কৰি আহিছে। এই বিহু উদযাপনৰ সৈতে সনাতন সভ্যতা আৰু সংস্কৃতিৰ এক সম্পর্ক আছে। এই লোক-উৎসৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড়তাকে সূচায়। মুখ্যমন্ত্রীয়ে কয় যে কৃষি ভিত্তিক এই উৎসৱে আমাৰ লোক-সংস্কৃতিকো সমৃদ্ধ কৰি আহিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে লগে ভাগে ভোগালীৰ এসাজ আনন্দেৰে খাই-বৈ মেজি প্ৰজ্বলনৰ জৰিয়তে অপশক্তিসমূহক নাশ কৰি জাতিসত্ত্বাক উজ্জীৱিত কৰাৰ সপোন ৰচে এই ভোগালীৰ সময়তে। ভোগালীৰ সৈতে কৃষি অর্থনীতি আৰু কৰ্মমুখী চেতনা ওতপ্রোতভাৱে জড়িত হৈ আছে বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভোগালী বিহুৰ এই শুভক্ষণত নতুন উদ্যমেৰে ৰাজ্যখনক সৰ্বদিশতে আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হ’বলৈও সকলোকে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...