ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভোগালী বিহু বা মাঘ বিহুৰ বিভিন্ন লোকাচাৰে অসমীয়া সংস্কৃতি আৰু আধ্যাত্মিক জীৱনবোধক শক্তিশালী কৰি আহিছে। এই বিহু উদযাপনৰ সৈতে সনাতন সভ্যতা আৰু সংস্কৃতিৰ এক সম্পর্ক আছে। এই লোক-উৎসৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড়তাকে সূচায়। মুখ্যমন্ত্রীয়ে কয় যে কৃষি ভিত্তিক এই উৎসৱে আমাৰ লোক-সংস্কৃতিকো সমৃদ্ধ কৰি আহিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে লগে ভাগে ভোগালীৰ এসাজ আনন্দেৰে খাই-বৈ মেজি প্ৰজ্বলনৰ জৰিয়তে অপশক্তিসমূহক নাশ কৰি জাতিসত্ত্বাক উজ্জীৱিত কৰাৰ সপোন ৰচে এই ভোগালীৰ সময়তে। ভোগালীৰ সৈতে কৃষি অর্থনীতি আৰু কৰ্মমুখী চেতনা ওতপ্রোতভাৱে জড়িত হৈ আছে বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভোগালী বিহুৰ এই শুভক্ষণত নতুন উদ্যমেৰে ৰাজ্যখনক সৰ্বদিশতে আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হ’বলৈও সকলোকে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...