বৰঝাৰ বিমানবন্দৰত ভোগালীৰ আয়োজন

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা আৰু ঐতিহ্যক সদায় আগস্থান দি অহা হৈছে। বিগত বৰ্ষসমূহৰ দৰে, এইবাৰো বাপুতি-সাহোন মাঘ বিহুৰ উপলক্ষে দুটাকৈ মেজিঘৰ সাজি উলিওৱা হৈছে। মেজিঘৰ দুটা ক্ৰমান্বয়ে যাত্ৰীৰ আগমন কক্ষ আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি প্ৰদৰ্শন কৰা হৈছে। দেশ-বিদেশৰ পৰা অহা বহু যাত্ৰীয়ে মেজিঘৰৰ কাষত ৰৈ ছেলফি লোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, মেজিঘৰ দুটা সম্পূৰ্ণ পাৰম্পৰিক পদ্ধতিৰে বাঁহ, ধান-খেৰেৰে প্ৰস্তুত কৰা হৈছে। মেজিৰ কাষতে ডলা-চালনীৰে আটকধুনীয়াকৈ এখন শৰাইত তিলপিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু, বৰপিঠা ইত্যাদিও প্ৰদৰ্শন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...