৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা

অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৮ জানুৱাৰীত তেজপুৰৰ সেনা গোল্ফ কোৰ্চত অনুষ্ঠিত হ’ব দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা ।

উল্লেখ্য যে, অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই  নন-আৰ্মি গ’লফ প্ৰতিযোগিতাৰ  বাবে তেওঁলোকৰ গ’লফ খেলপথাৰ মুকলি কৰিছে।

বৰভাগ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সন্মানীয় প্ৰতিযোগিতা। সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ পৰা সাতটা ভিন্ন গলফ ক্লাবৰ পৰা মুঠ ১০০ জন গলফাৰে অংশগ্ৰহণ কৰিছে এই দিনজোৰা প্ৰতিযোগিতাত।

প্ৰতিযোগিতাৰ  আয়োজক অনিৰুদ্ধ গোস্বামীয়ে জনোৱা অনুসৰি দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৭টা গ’লফ ক্লাব ক্ৰমে গুৱাহাটী ৰেলৱে, গুৱাহাটী ৰেপটা, অ’এন,জি, চি নাজিৰা, ডিমাপুৰ ক্লাব, তেজপুৰ জিটিএ ক্লাব, যোৰহাট জিমখানা ক্লাব আৰু মিছা প’ল’ ক্লাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

প্ৰতিযোগিতা সম্পৰ্কে মন্তব্য কৰি অনিৰুদ্ধ গোস্বামীয়ে কয় – বৰভাগ কাপৰ উদ্দেশ্য হ’ল উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ কিয়নো এতিয়া ই অলিম্পিকৰ খেল।

উল্লেখ্য যে,  ২০২১ চনৰ ৩ জানুৱাৰীত অসমৰ মিছা পলো ক্লাবৰ প্ৰাংগনত  প্ৰথমবাৰৰ বাবে বৰভাগ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৭টা দলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মনোৰঞ্জন তালুকদাৰ, এইচ ধালিয়াল, চন্দন শইকীয়া, সঞ্জয় গাৰ্গ, জাকিৰ হুছেইনৰ দ্বাৰা গঠিত মিছা পলো ক্লাবে যোৰহাটৰ জিমখানাক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...

অসম বাজেট ২০২৬-২৭: কোনটো বিভাগলৈ কিমান ধন?

গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৭,৮৩৫ কোটি টকা আবণ্টনশক্তি বিভাগলৈ...