মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

অলপতে ইউটিউব চেনেলত মুক্তি পোৱা অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই কণ্ঠদান কৰা ‘সুৰ তুমি’ নামৰ ৰোমাণ্টিক ভিডিঅ গীতটিয়ে দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তীৰ্থাংক নাথৰ কথা, প্ৰদ্যুৎ বৰুৱাৰ কম্প’জিচন, বিভূতি গগৈৰ সংগীত পৰিচালনা আৰু ৰবি শৰ্মাৰ কণ্ঠ মিলি এক শ্ৰুতিমধুৰ পৰিবেশৰ সৃষ্টি কৰিছে। ৰবি শৰ্মাই নিয়ন্ত্ৰিত কণ্ঠৰে গীতটোৰ আৱেগ সঠিক মাত্ৰাত ফুটাই তুলিছে, আৰু নিজৰ গায়কীৰে হাজাৰজনক নিজৰ অনুৰাগী কৰি তুলিলে। গীতিকাৰ তীৰ্থাংক নাথৰ বিগত বৰ্ষটো ‘সোঁৱৰণি’  নামৰ গীতটিয়ে যথেষ্ট সফলতা আৰু প্ৰশংসা লাভ কৰিছিল আৰু উক্ত গীতটো জুবিন গাৰ্গে পৰিৱেশন কৰিছিল আৰু প্ৰদ্যুত বৰুৱাই ৰচনা কৰিছিল।

ইতিমধ্যে প্ৰণতি সংগীত নিবেদিত, ‘সুৰ তুমি’য়ে শ্ৰোতাদৰ্শকক আৱেগিকভাৱে সন্মোহিত কৰাৰ লগতে ইউটিউব চেনেলত অনুৰাগী আৰু সংগীত প্ৰেমীসকলৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। গীতটিত প্ৰাণঢালি কণ্ঠ নিগৰাই অভিনেতা ৰবি শৰ্মাই নিজৰ আন এক স্বকীয় প্ৰতিভাৰ পূৰ্ণ পৰিচয় দিয়াৰ লগতে দৰ্শক তথা শ্ৰুতাক অভিভূত কৰি তুলিছে। ইউটিউবৰ মন্তব্য চ’ৰাতো এই বিষয়ে কিছু চৰ্চা হৈছে। গীতটিৰ সৈতে জড়িত সকলোৰে সহযোগিতামূলক প্ৰচেষ্টাই নিশ্চিতভাৱে ইয়াৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

‘সুৰ তুমি’ সংগীত ভিডিঅটোৰ চিনেমাটোগ্ৰাফী কৰিছে ৰূপম ৰয় চৌধুৰী আৰু জয়ন্ত ডেকাই আৰু প্ৰডাকচন ডিজাইনাৰ হল সুৰজিৎ ডেকা আৰু বিনোদ নাথ। লগতে সম্পাদনা কৰিছে হৃষীকেশে। গীতটো গুৱাহাটীৰ জিৰো ডিবি ষ্টুডিঅ’ত ৰেকৰ্ড কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...