কৰ্কটৰ দৰে ৰোগৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য-খাদ্য সচেতন হ’বলৈ হিমা দাসৰ আহ্বান

অসমত উদ্বেগজনক হাৰত কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত জীৱন- শৈলী আৰু খাদ্যাভ্যাস অন্যতম কাৰক। ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীৰ এই বক্তব্যৰ আলম লৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট হিমা দাসৰ আহ্বান – স্বাস্থ্য ৰক্ষা কৰিবলৈ হলে জিভাৰ সংযম ৰক্ষা কৰক। ৰাষ্ট্ৰীয় কৰ্কট সচেতনতা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ ‘ধিং এক্সপ্ৰেছ’ হিমাই আৰু কয় যে খেলুৱৈসকলে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সদায়েই সতৰ্ক হ’ব লাগে। সেইদৰে সাধাৰণ ৰাইজ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অলপ সজাগ হলে বহু ৰোগ নিজেই প্ৰতিৰোধ কৰিব পাৰিব। ইয়াৰ লগতে তেওঁ সকলোকে নিজৰ শৰীৰৰ সুস্থতাৰ বাবে কম পক্ষেও এঘণ্টা সময় ব্যয় আহ্বান জনায়।

উল্লেখ্য যে, দেশত কৰ্কট আক্ৰান্ত নতুন ৰোগীৰ সংখ্যা প্ৰতি বছৰে ১ নিযুতৰ অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিগত ৮ বছৰে ৭ নবেম্বৰৰ দিনটো কৰ্কট সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে ৰাষ্ট্ৰীয় কৰ্কট সচেতনতা দিৱসৰূপে পালন কৰি আহিছে। ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এই উপলক্ষে প্ৰতিষ্ঠানখনৰ Preventive oncology বিভাগে আয়োজন কৰা সভাখনত হিমা দাসৰ ওপৰি ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী মলয়া গোস্বামী, সাংবাদিক প্ৰণয় বৰদলৈ, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, কণ্ঠশিল্পী মিনতি বৰুৱাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে।

প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অমল কটকীয়ে সভাত আদৰণি ভাষণ প্ৰদান কৰি কৰ্কট ৰোগে ৰাজ্যত সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ এক সম্যক বিশ্লেষণ আগবঢ়ায়। কৰ্কট সচেতনতা সভাখন পৰিচালনা কৰে ডাঃ শ্ৰাৱনা ভাগৱতীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...