সাংবাদিক অৰূপ শাণ্ডিল্যলৈ বঁটা

জ্যেষ্ঠ সাংবাদিক অৰূপ শাণ্ডিল্যই তেওঁৰ ‘অসমৰ কৃষি’ শীৰ্ষক গ্ৰন্থখনৰ পাণ্ডুলিপিৰ বাবে “কৃষি বিষয়ক গ্ৰন্থ”ৰ শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা লাভ কৰিছে। আজি কটন এলামনাই ভৱনত আয়োজিত ‘পূৰ্বাঞ্চল প্ৰকাশ’ৰ ৩৯ সংখ্যক বৰ্ষপূৰ্তিৰ এক অনুষ্ঠানত এই ঘোষণা কৰা হয়। সাংবাদিক শাণ্ডিল্যই ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে অসমৰ কৃষিৰ সামগ্ৰিক দিশৰ বিশ্লেষণেৰে গ্ৰন্থখন যুগুতাই উলিয়াইছে।

উল্লেখ্য, পূৰ্বাঞ্চল প্ৰকাশে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া, কৃষি বিষয়ক গ্ৰন্থৰ লেখক চন্দ্ৰকান্ত বৰাৰ স্মৃতিত পৰিয়ালৰ হৈ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। বিগত প্ৰায় ১৫ বছৰ ধৰি কৃষি, গ্ৰাম্য পৰিক্ৰমা, পৰিৱেশ আদি বিষয়ক ৰিপ’ৰ্টিং কৰি অহা শাণ্ডিল্যৰ কৃষি বিষয়ক গ্ৰন্থ‌খন এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত হৈছে। পাণ্ডুলিপিটো পূৰ্বাঞ্চল প্ৰকাশে গ্ৰন্থাকাৰে প্ৰকাশ কৰি উলিয়াব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...