ভাৰতৰ বিৰুদ্ধে নতুন জোঁটবন্ধন

✒️ অচিন্ত্য শৰ্মা

দক্ষিণ এছীয়া, মধ্য এছীয়া আৰু পশ্ছিম এছিয়াক সামৰি শেহতীয়াভাবে গঠন হৈছে নতুন এক নীতিগত আৰু কৌশলগত জোঁটবন্ধন। ভাৰতৰ বিৰুদ্ধে একত্ৰিত হৈছে তিনি মুছলিম ৰাষ্ট্ৰ তুৰস্ক, আজাৰবাইজান আৰু পাকিস্তান। সম্প্ৰতি সমগ্ৰ বিশ্বৰেই দৃষ্টি নিবদ্ধ ৰুছ উইক্ৰেইন যুদ্ধৰ ওপৰত। যিকোনো মুহূৰ্ততে পাৰমাণবিক বোমা বিস্ফোৰিত হোৱা আশংকাত ত্ৰস্তমান সকলো। একে সময়তে সংঘাত বাঢ়িছে চীন আমেৰিকাৰো। টাইৱানক কেন্দ্ৰ কৰি অদূৰ ভবিষ্যতে যুদ্ধ আৰম্ভ হ’ব পাৰে এই দুই মহাশক্তিৰ মাজতো। ইয়াতো কেন্দ্ৰীভূত হৈ আছে সকলোৰে মনযোগ। আৰু এনে জটিল বিশ্ব পৰিস্থিতিৰ সুযোগতে, সকলোৰে অলক্ষিতে গঢ়ি উঠিছে আন এক ভাৰতবিৰোধী জোটবন্ধন।

এইবাৰ এই জোঁটবন্ধনৰ উদ্যোগ লৈছে ভাৰতৰ চিৰশত্ৰু তথা স্বাভাবিক শত্ৰু পাকিস্তানে। জোঁটবন্ধৰ অন্য দুই সদস্য ৰাষ্ট্ৰ হৈছে পশ্ছিম এছীয়াৰ ইছলামিক মৌলবাদী ৰাষ্ট্ৰ তুৰস্ক আৰু মধ্য় এছীয়াৰ ইছলামিক ৰাষ্ট্ৰ আজাৰবাইজান। কামাল পাছাৰ নেতৃত্বত এসময়ত উদাৰ, প্ৰগতিশীল ৰাষ্ট্ৰ ৰূপে স্বীকৃত হোৱা তুৰস্কই এতিয়া এৰ্ডোগানৰ নেতৃত্বত আকৌ মৌলবাদী ৰূপ লৈছে। মুছলিম বিশ্বৰ নেতা হোৱাৰ সপোন দেখা তুকস্কই সেয়ে বাচি লৈছে হিন্দু প্ৰধান ৰাষ্ট্ৰ ভাৰতৰ বিৰুদ্ধাবৰণৰ পথ। ইফালে আজাৰবাইজানৰ তেলৰ ভাৰতৰ এক প্ৰধান ক্ৰেতা যদিও অজাৰবাইজানৰ প্ৰধান শত্ৰু আৰ্মেনিয়াক অস্ত্ৰ যোগান ধৰাৰ মুখ্য দেশ হৈছে ভাৰতবৰ্ষ। সেয়ে আজাৰবাইজানৰ এক স্বাভাবিক আক্ৰোশ আছে ভাৰতৰ প্ৰতি। আনহাতে ভাৰতৰ স্থায়ী শত্ৰু পাকিস্তানৰ বাবে ভাৰতবিৰোধী যিকোনো অপশক্তিয়েই নিজৰ মিত্ৰ। এনে এক পেক্ষাপট আৰু হিচাপ নিকাচৰ আধাৰতে গঢ়ি উঠিছে পশ্ছিম এছীয়াৰ তুৰস্ক, মধ্য এছীয়াৰ পাকিস্তানৰ মাজত ভাৰত বিৰোধী অশুভ মিত্ৰতা। উক্ত মিত্ৰতাৰ আধাৰতেই শেহতীয়াভাবে তুৰস্কই পাকিস্তানলৈ আগবঢ়াইছে ৩০ খনকৈ অত্যাধুনিক সামৰিক হেলিকপ্ততাৰ। পাকিস্তানী নৌসেনাৰ বাবে নিৰ্মান কৰিব লৈছে অত্যাধুনিক যুদ্ধজাহাজো। শেহতীয়াভাবে এই ত্ৰিদেশীয় মিত্ৰজোঁটৰ প্ৰতি আগ্ৰহ দেখোৱাইছে আন এখন ভাৰতবিৰোধী ইছলামিক মৌলবাদী ৰাষ্ট্ৰ কাটাৰেও। আৰু এনেদৰেই নতুন দিল্লীৰ বাবে সৃষ্টি হৈছে নতুন একধৰণৰ সামৰিক আৰু কূটনৈতিক প্ৰত্যাহ্বানৰো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...