২০২৩ত অনুষ্ঠিত হ’ব মহিলাৰ IPL, কেইটা দলে খেলিব, কি কি নিয়ম BCCIৰ?

অহা বছৰৰ পৰা অনুষ্ঠিত হ’ব মহিলাৰ IPL। পুৰুষৰ IPLৰ ব্যাপক জনপ্ৰিয়তাৰ পিছত এইবাৰ মহিলাৰ IPL আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰথম বছৰ ৫টা দলৰ মাজত অনুষ্ঠিত হ’ব খেল।

মুঠ ২২খন খেল অনুষ্ঠিত হ’ব প্ৰথম ছিজনত। ইয়াৰে ২০খন লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, প্ৰথম বছৰত প্ৰতিটো দলৰ মূল একাদশত স্থান দিয়া হব ৫গৰাকী খেলুৱৈক। ইয়াৰে ৪গৰাকী বিদেশী খেলুৱৈ আৰু সহযোগী দেশসমূহৰ এগৰাকী খেলুৱৈক ৰাখিব পাৰিব দলত।

২০২৩ চনৰ মাৰ্চ মাহৰ পৰা IPL আয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে BCCI-এ। প্ৰস্তাৱিত ৫টা দলত গুৱাহাটীও অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...