হিমালয়ো যদি আগত ঠিয় হয় ১ লাখ নিবনুৱাক চাকৰি দিমেই : হিমন্ত বিশ্ব

আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত আন এক প্ৰাপ্তি আৰু আনন্দৰ দিন। ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি খানাপাৰাত ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ প্ৰথমটো বৰ্ষত ৪,৭৭৯টা নিয়মীয়া নিযুক্তি প্ৰদান কৰাৰ পাছত কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষৰ চাৰি দিন যাওঁতে ১৪ মে’ত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিছে চৰকাৰখনে।

ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পুনৰ ১০ হাজাৰ চৰকাৰী পদত নিযুক্তিৰ বাবে চৰকাৰে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...