হিমালয়ো যদি আগত ঠিয় হয় ১ লাখ নিবনুৱাক চাকৰি দিমেই : হিমন্ত বিশ্ব

আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত আন এক প্ৰাপ্তি আৰু আনন্দৰ দিন। ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি খানাপাৰাত ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ প্ৰথমটো বৰ্ষত ৪,৭৭৯টা নিয়মীয়া নিযুক্তি প্ৰদান কৰাৰ পাছত কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষৰ চাৰি দিন যাওঁতে ১৪ মে’ত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিছে চৰকাৰখনে।

ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পুনৰ ১০ হাজাৰ চৰকাৰী পদত নিযুক্তিৰ বাবে চৰকাৰে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...