বেংকৰ চাকৰি বিচাৰিছে নেকি? SBIত ওলাইছে চাকৰি, আকৰ্ষণীয় দৰমহা

ভাৰতীয় ষ্টেট বেংকৰ জুনিয়ৰ এছ’চিয়েট পদৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। ২৭ ছেপ্টেম্বৰলৈকে অফিচিয়েল ৱেবছাইট- sbi.co.in ত ৫০০০তকৈ অধিক পদৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে। যোগ্যতাৰ মাপকাঠী, খালী পদ, আবেদন মাচুল আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিৱৰণ তলত পৰীক্ষা কৰক।

সমগ্ৰ দেশতে SBIত খালী হোৱা জুনিয়ৰ এছ’চিয়েট (কাষ্টমাৰ ছাপ’ৰ্ট এণ্ড চেলছ)ৰ ৫০০৮ টা পদ পূৰণৰ বাবে এছ বি আই ২০২২ নিযুক্তি অভিযান চলাই আছে।

আবেদনৰ অনলাইন পঞ্জীয়ন আৰম্ভ ০৭/০৯/২০২২

আবেদন পঞ্জীয়ন বন্ধ ২৭/০৯/২০২২

আবেদনৰ সবিশেষ সম্পাদনাৰ বাবে বন্ধ ২৭/০৯/২০২২

আপোনাৰ আবেদন প্ৰিন্ট কৰাৰ শেষ তাৰিখ ১২/১০/২০২২

অনলাইন মাচুল পৰিশোধ ০৭/০৯/২০২২ৰ পৰা ২৭/০৯/২০২২লৈ

বয়সৰ সীমা

পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ বয়স ২০২২ চনৰ ১ আগষ্টত পৰা ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

শৈক্ষিক অৰ্হতা

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হোৱা বা কেন্দ্ৰীয় চৰকাৰে তেনেদৰে স্বীকৃতিপ্ৰাপ্ত যিকোনো সমতুল্য অৰ্হতা লাভ কৰা। ইন্টিগ্ৰেটেড ডুৱেল ডিগ্ৰী (আইডিডি) প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলে নিশ্চিত কৰিব লাগে যে আইডিডি উত্তীৰ্ণ হোৱাৰ তাৰিখ ৩০.১১.২০২২ তাৰিখ বা তাৰ আগতে।

যিসকলে স্নাতক ডিগ্ৰী লাভৰ চূড়ান্ত বৰ্ষ/ ষান্মাসিকত আছে তেওঁলোকেও এই চৰ্তত সাময়িকভাৱে আবেদন কৰিব পাৰে যে, যদিহে সাময়িকভাৱে নিৰ্বাচিত হয়, তেন্তে তেওঁলোকে ৩০.১১.২০২২ বা তাৰ আগতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ দাখিল কৰিব লাগিব।

মাচুল

General আৰু OBC শাখাৰ প্ৰাৰ্থীয়ে ₹750 আবেদন মাচুল দিব লাগিব আনহাতে SC/ ST/ PWD/ XS শাখাৰ কোনো আবেদন মাচুল দিব নালাগিব।

Direct link to apply for SBI Junior Associate posts here

নিৰ্বাচন প্ৰক্ৰিয়া
প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা আৰু নিৰ্দিষ্ট নিৰ্বাচিত স্থানীয় ভাষাৰ পৰীক্ষাৰে গঠিত অনলাইন পৰীক্ষাৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...