অৱশেষত সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা!

সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা। বাগিচা বন্ধৰ কথা ঘোষণা কৰিলে বাগান কৰ্তৃপক্ষই। ডলু চাহবাগিচা বন্ধ কৰা হ’ল বুলি জাৰি কৰিলে জাননী। শ্ৰমিক কামত নোযোৱাৰ অজুহাত দেখুৱাই বাগিচা লক-আউট ঘোষণা। এক নিৰ্দেশনাযোগে বাগান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত।
বাগান বন্ধৰ সময়ত শ্ৰমিক নাপাব কোনো সা-সুবিধা। এই ডলু বাগিচা গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নামত চলিছিল উচ্ছেদ অভিযান। প্ৰায় ২৫০০ বিঘা ভূমিত উচ্ছেদ কৰা হৈছিল ৩০ লাখ চাহ গছ। শ্ৰমিকৰ অভিযোগ ষড়যন্ত্ৰৰে বন্ধ কৰা হ’ল বাগিচাখন। বাগিচা বন্ধৰ ঘোষণাৰ পিছতে চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। প্ৰশাসনে অঞ্চলটোত মোতায়েন কৰিছে আৰক্ষী, চিআৰপিএফ। কোনো কাৰণতে যাতে অপ্ৰতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...