মৃতদেহ সৎকাৰ, কবৰস্থ কৰাৰ বাবেও নাই ঠাই, ভয়াৱহ বানত কান্দিছে বৰাকবাসীয়ে!

অপৰিৱৰ্তিত শিলচৰৰ বান পৰিস্থিতি৷ বৰাক নৈৰ পানী কিছু পৰিমাণে কমিবলৈ ধৰিলেও শিলচৰ চহৰসহ কাছাৰৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷ খোৱাপানী, খাদ্য–সামগ্ৰীৰ কাৰনে এতিয়াও হাহাকাৰ কৰি আছে ৰাইজে৷ শিলচৰ চহৰত এতিয়াও আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ ৰাইজ৷ আৰ্মি, CRPF, BSFসহ এনডিআৰএফ, এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ চহৰৰ বিলপাৰ, ৰাধামাধবৰোড, পাবলিকস্কুল ৰোড, সোনাই ৰোড, ৰাঙ্গিৰখাড়ি, হাইলাকান্দি ৰোড, ন্যাশনাল হাইওয়ে ৰোড, কনকপুৰ, মধুৰবন্দসহ কেইবাটও অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শুকুৰবাৰ নিজেই অভিযানত নামি পড়ে আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ ৷ অসংখ্য লোকক উদ্ধাৰ কৰি আনিছে ৰমনদীপ কৌৰে ৷ আনহাতে মৃতদেহ সৎকাৰ, কবৰস্থ কৰাৰ কাৰণে ৰাইজে বিচাৰি পোৱা নাই ঠাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...