ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছেবাই মুকলি কৰিলে বিশেষ প’ৰ্টেল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছেবাই মুকলি কৰিলে বিশেষ অনলাইন প’ৰ্টেলৰ। যাৰ জৰিয়তে পৰীক্ষাৰ্থী সকলে বিভিন্ন বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ লগতে মেট্রিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটো কপিও বিচাৰি আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।

১০ জুনৰ পুৱা ৬ বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈকে খোলা থাকিব এই পৰ্টেলত আবেদন কৰাৰ সময়সীমা। ছেবাৰ অনলাইন পৰ্টেল sebaonline.org ত কৰিব লাগিব আবেদন। পৰীক্ষাৰ্থীসকলে প্রতিটো বিষয়ৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে অনলাইনযোগে পৰিশোধ কৰিব লাগিব ৩৫০ টকা। লগতে উত্তৰ বহীৰ পুনৰীক্ষণ আৰু ফটো কপি বিচাৰিলে দিব লাগিব ৫৫০ টকা।

অসম মাধ্যমিক শিক্ষা পৰিষদে জনোৱা অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতহে আবেদন কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...