প্ৰদূষিত ভাৰতৰ কদৰ্য্য চিত্ৰ

✒️ অচিন্ত্য শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত প্ৰায় আঠ বছৰ ধৰি স্বচ্ছ ভাৰতৰ নামত যিমানেই চিঞৰি নাথকক কিয়, বাস্তৱ ক্ষেত্ৰতসেই সকলোবোৰ যে অৰ্থহীন হৈ পৰিছে, তাৰ প্ৰমাণ দাঙি ধৰিছে দ্য লাইচেট প্লেনেটৰী হেলথ্ জাৰ্নেলে। জাৰ্নেলখনৰ শেহতীয়া সংখ্যাত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অকল ২০১৯চনৰ বৰ্ষটোত ভাৰত বৰ্ষৰ প্ৰায় ২৪ লাখ লোকৰ মৃত্যু ঘটিছে প্ৰদূষণজনিত ৰোগত।

ইয়াৰ ভিতৰত বায়ু প্ৰদূষণৰ বাবে ১৬ লাখ ৭০ হাজাৰ লোকৰ মৃত্যু ঘটাৰ বিপৰীতে জল প্ৰদূষণৰ বাবে মৃত্যু ঘটিছে প্ৰায় ৬ লাখ লোকৰ। মৃত্যুৰ এই সংখ্যা পৃথিবীৰ ভিতৰতেই সৰ্বাধিক। একেখন পৰ্তিবেদন অনুসৰি ২০১৯ চনৰ প্ৰদূষণৰ বাবে সমগ্ৰ পৃথিবীত মজত্যু ঘটিছে মুঠ ৯০ লাখ লোকৰ।

প্ৰিতিবেদনৰ মতে উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ অধিক বিপদজনক হৈ উঠিছে জনস্বাস্থ্যৰ ক্ষেত্ৰত। বিভিন্ন খণ্ডৰ মানবিক কাৰ্যকলাপে অঞ্চলটোত প্ৰদষণ বঢ়োৱাৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে কোৱা হৈছে যে, বিশ্বজুৰি প্ৰদূষণৰ বাবে সামগ্ৰীক অৰ্থনীতিৰ ৪.৬ ট্ৰিলিয়ন ক্ষতি হৈছে।

লক্ষণীয়ভাবে প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে স্বচ্ছতাৰ শ্লোগান দি থকাৰ বিপৰীতে প্ৰকৃত অৰ্থত ভাৰতবৰ্ষখনৰ স্বচ্ছ কৰিবলৈ বা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ কোনো বাস্তবিক কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিতে দেশ আজি কাৰ্যত মৃত্যু গহ্বৰত পৰিণতি হোৱা বুলি মন্তব্য কৰিছে সচেতন মহলে। বিশেষকৈ একক ব্যৱহাৰ যোগ্য প্লাষ্টিক তথা পলিথিন কাল হৈ উঠিছে দেশখনৰ বাবে।

মাটি, পানী আৰু বায়ু, সকলোধৰণৰ প্ৰদূষণে অৰিহণা যোগাইছে অকক ব্যৱহাৰ যোগ্য প্লাষ্টিকে। অথচ দেশৰ এনে প্লাষ্টিক ফলপ্ৰসূভাবে নিষিদ্ধ কৰিবলৈ এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মোদী চৰকাৰে। একেদৰে বৃহৎ পুজুপতিৰ বহু উদ্যোগ এতিয়াও চলি আছে উপযুক্ত প্ৰদূষণ নিয়ন্ত্ৰণকাৰী প্ৰযুক্তিৰ প্ৰযোগ অবিহনেই। আনহাতে নগৰীয়া আবৰ্জনাৰ সঠিক ব্যৱস্থাপনা নোহোৱাৰ পৰিণতিত ভাৰতৰ নদ-নদী সমূহ হৈ পৰিছে প্ৰদূষিত আৰু বিষাক্ত।

এনেবোৰ ক্ষেত্ৰতো চৰকাৰৰ ফালৰ পৰা নাই কোনো বাস্তৱিক পদক্ষেপ। যদি এইধৰণৰ ভয়ংকৰ পৰিস্থিতি অব্যাহত থাকে, তেনেহলে অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষ আৰু অধিক প্ৰদূষণৰ গৰাহলৈ গুচি যাব আৰু দেশ হৈ পৰিব বসবাসৰ বাবে সম্পূৰ্ণ অনুপযোগী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...