ৰাখে হৰি মাৰে কোনে! বিহ খাই মৰিব বিচৰা মহিলাৰ প্ৰাণ বচালে নকল দৰৱে

ৰাখে হৰি মাৰে কোনে! এই কথাষাৰ যেন সঁচা প্ৰমাণিত হল। পাৰিবাৰিক কন্দলৰ বাবে এগৰাকী মহিলাই নিজকে শেষ কৰিব বিচাৰিছিল। স্বামী আৰু পৰিয়ালক এৰি বিহ খাই আত্মহত্যা কৰিব বিচাৰিছিল মহিলাগৰাকীয়ে। অসুস্থ মহিলাগৰাকীক পৰিয়ালে লগে লগে ভৰ্তি কৰায় হাস্পতালত। ঘটনা বিয়পি পৰাৰ লগে লগে সংবাদকৰ্মীসকলো উপস্থিত হয় হাস্পতালত। সংবাদ মাধ্যমৰ আগত কিয় এই পন্থা ল’লে বুলি সোধাত মহিলাগৰাকীয়ে কয় যে বজাৰত আজিকালি আচল বিহ পোৱা নাযায়। নকল দৰৱে মোক জীৱনদান দিলে। প্ৰকৃত বিহ থকা হলে আজি মোৰ মৃত্যু ঘটিলহেঁতেন। মহিলাগৰাকীৰ এই ভাষ্যই স্বাভাৱিকতে একাংশৰ মনত হাস্যৰসৰ সৃষ্টি কৰিলেও গাৰ্হস্থ্য হিংসাৰ ভয়ানক ছবিখন পোহৰলৈ আনিছে। মধ্যপ্ৰদেশৰ ছতৰপুৰত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...