ৰাখে হৰি মাৰে কোনে! বিহ খাই মৰিব বিচৰা মহিলাৰ প্ৰাণ বচালে নকল দৰৱে

ৰাখে হৰি মাৰে কোনে! এই কথাষাৰ যেন সঁচা প্ৰমাণিত হল। পাৰিবাৰিক কন্দলৰ বাবে এগৰাকী মহিলাই নিজকে শেষ কৰিব বিচাৰিছিল। স্বামী আৰু পৰিয়ালক এৰি বিহ খাই আত্মহত্যা কৰিব বিচাৰিছিল মহিলাগৰাকীয়ে। অসুস্থ মহিলাগৰাকীক পৰিয়ালে লগে লগে ভৰ্তি কৰায় হাস্পতালত। ঘটনা বিয়পি পৰাৰ লগে লগে সংবাদকৰ্মীসকলো উপস্থিত হয় হাস্পতালত। সংবাদ মাধ্যমৰ আগত কিয় এই পন্থা ল’লে বুলি সোধাত মহিলাগৰাকীয়ে কয় যে বজাৰত আজিকালি আচল বিহ পোৱা নাযায়। নকল দৰৱে মোক জীৱনদান দিলে। প্ৰকৃত বিহ থকা হলে আজি মোৰ মৃত্যু ঘটিলহেঁতেন। মহিলাগৰাকীৰ এই ভাষ্যই স্বাভাৱিকতে একাংশৰ মনত হাস্যৰসৰ সৃষ্টি কৰিলেও গাৰ্হস্থ্য হিংসাৰ ভয়ানক ছবিখন পোহৰলৈ আনিছে। মধ্যপ্ৰদেশৰ ছতৰপুৰত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...