স্বামীৰ মৃত্যুৰ ১৩ বছৰৰ পিছত আৰম্ভ কৰিলে পঢ়া-শুনা, সাধনাৰ বলত আজি দায়িত্বশীল আৰক্ষী বিষয়া

মা মানে জীয়াই থকাৰ প্ৰেৰণা। মা মানে যুঁজ এখন যুঁজিবলৈ অফুৰন্ত সাহস। মমতাময়ী সাহসী মাতৃৰ কাহিনীয়ে আপোনাকো উদ্বুদ্ধ কৰি তুলিব। ৰাজস্থানৰ চিকাৰ জিলাৰ মুণ্ডুৰু অঞ্চলৰ এগৰাকী সাধাৰণ মহিলা। নাম ৰাজ কৱৰ। সম্প্ৰতি জয়পুৰৰ আৰক্ষী কমিছনাৰেটৰ এগৰাকী এছ পি ৰূপে কাৰ্যভাৰ চম্ভালি আছে মহিলাগৰাকীয়ে। খাকী পোছাক পৰিহিত মহিলাগৰাকী দেখিলে আপোনাৰ বিশ্বাস নহব কিমান সংঘৰ্ষৰে ভৰা জীৱন এসময়ত আছিল। পৰিবাৰৰ বাধা আৰু সমাজৰ প্ৰতিবন্ধকতা নেওচি আগবাঢ়ি যাওঁতে যথেষ্ট প্ৰত্যাহ্বান সহিব লগা হৈছিল। ১৯৯৬ চনত লোহা গাঁৱৰ নিবাসী সুমেৰ সিংহৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু ২০০৯ চনত হঠাতে জীৱনলৈ আহিল ধুমুহা। পথ দুৰ্ঘটনাত আকস্মিক বিয়োগ ঘটে সুমেৰ সিংহৰ। প্ৰিয় ব্যক্তি, ছাঁৰ দৰে থকা স্বামীৰ মৃত্যুত জীৱন একেবাৰে অন্ধকাৰ হৈ পৰিছিল। সকলো সপোন যেন চূৰমাৰ হৈ গৈছিল। সেই সময়লৈ ১১ আৰু ১৩ বছৰীয়া দুটি সন্তানো তেওঁলোকৰ জীৱনলৈ আহিছিল। দুটি সন্তানৰ ভৰণ-পোষণ আৰু নিজৰ পৰিচয়েৰে উজলি উঠা এক প্ৰবল প্ৰত্যাহ্বান আছিল। কিন্তু এই ক্ষেত্ৰত ভাতৃয়ে সহযোগ কৰিছিল। বিয়াৰ ১৩ বছৰৰ পিছত পুনৰ অধ্যয়ন আৰম্ভ কৰিলে। প্ৰথমতে নিজক আত্মনিয়োগ কৰাটো কঠিন সময় আছিল। ২০১০ চনত বি এড পৰীক্ষাত নামভৰ্তি কৰিলে। ২০১১ত পৰীক্ষাত উত্তীৰ্ণ হল। ২০১২ চনত দ্বিতীয় শ্ৰেণীৰ শিক্ষক পৰীক্ষাত উত্তীৰ্ণ হৈ সকলোকে আচম্বিত কৰি তুলিলে। ৩ বছৰ সফলতাৰে শিক্ষকৰ চাকৰিও কৰিলে। কিন্তু ইমানদিনে পুহি ৰখা সপোনটো বাস্তৱ ৰূপ দিয়াৰ কথা পুনৰবাৰ যেন মনলৈ আহিল। সাহ গোটাই ২০১৬ চনত কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হল। কিন্তু উত্তীৰ্ণ হৈছিল যদিও ইপ্সিত ৰেংক লাভ কৰাত ব্যৰ্থ হল। যাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগত নিযুক্তি লাভ কৰিছিল। ২০১৭ চনত দ্বিতীয়বাৰলৈ অৱতীৰ্ণ হল আৰু আৰ পি এছ পদ লাভ কৰিলে। প্ৰথম অৱস্থাত কৰৌলীৰ কৈলা দেৱী অঞ্চলৰ উপ আৰক্ষী অধীক্ষকৰ পদ লাভ কৰে যদিও পিছলৈ জয়পুৰ গ্ৰাম্য অঞ্চলত নিযুক্তি দিয়া হয়। ইয়াৰ পিছত জয়পুৰ পুলিচ কমিছনাৰেটলৈ বদলি কৰা হয় আৰক্ষী বিষয়াগৰাকীক। মাতৃৰ এই সাফল্যত উত্সাহী পুত্ৰ হেমেন্দ্ৰ আৰু মাতৃ প্ৰিয়ংকা। তেওঁলোকৰ ভাষাত মা মানে কেতিয়াও জুখি শেষ কৰিব নোৱাৰা এটি বিশাল শব্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...