স্বামীৰ মৃত্যুৰ ১৩ বছৰৰ পিছত আৰম্ভ কৰিলে পঢ়া-শুনা, সাধনাৰ বলত আজি দায়িত্বশীল আৰক্ষী বিষয়া

মা মানে জীয়াই থকাৰ প্ৰেৰণা। মা মানে যুঁজ এখন যুঁজিবলৈ অফুৰন্ত সাহস। মমতাময়ী সাহসী মাতৃৰ কাহিনীয়ে আপোনাকো উদ্বুদ্ধ কৰি তুলিব। ৰাজস্থানৰ চিকাৰ জিলাৰ মুণ্ডুৰু অঞ্চলৰ এগৰাকী সাধাৰণ মহিলা। নাম ৰাজ কৱৰ। সম্প্ৰতি জয়পুৰৰ আৰক্ষী কমিছনাৰেটৰ এগৰাকী এছ পি ৰূপে কাৰ্যভাৰ চম্ভালি আছে মহিলাগৰাকীয়ে। খাকী পোছাক পৰিহিত মহিলাগৰাকী দেখিলে আপোনাৰ বিশ্বাস নহব কিমান সংঘৰ্ষৰে ভৰা জীৱন এসময়ত আছিল। পৰিবাৰৰ বাধা আৰু সমাজৰ প্ৰতিবন্ধকতা নেওচি আগবাঢ়ি যাওঁতে যথেষ্ট প্ৰত্যাহ্বান সহিব লগা হৈছিল। ১৯৯৬ চনত লোহা গাঁৱৰ নিবাসী সুমেৰ সিংহৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু ২০০৯ চনত হঠাতে জীৱনলৈ আহিল ধুমুহা। পথ দুৰ্ঘটনাত আকস্মিক বিয়োগ ঘটে সুমেৰ সিংহৰ। প্ৰিয় ব্যক্তি, ছাঁৰ দৰে থকা স্বামীৰ মৃত্যুত জীৱন একেবাৰে অন্ধকাৰ হৈ পৰিছিল। সকলো সপোন যেন চূৰমাৰ হৈ গৈছিল। সেই সময়লৈ ১১ আৰু ১৩ বছৰীয়া দুটি সন্তানো তেওঁলোকৰ জীৱনলৈ আহিছিল। দুটি সন্তানৰ ভৰণ-পোষণ আৰু নিজৰ পৰিচয়েৰে উজলি উঠা এক প্ৰবল প্ৰত্যাহ্বান আছিল। কিন্তু এই ক্ষেত্ৰত ভাতৃয়ে সহযোগ কৰিছিল। বিয়াৰ ১৩ বছৰৰ পিছত পুনৰ অধ্যয়ন আৰম্ভ কৰিলে। প্ৰথমতে নিজক আত্মনিয়োগ কৰাটো কঠিন সময় আছিল। ২০১০ চনত বি এড পৰীক্ষাত নামভৰ্তি কৰিলে। ২০১১ত পৰীক্ষাত উত্তীৰ্ণ হল। ২০১২ চনত দ্বিতীয় শ্ৰেণীৰ শিক্ষক পৰীক্ষাত উত্তীৰ্ণ হৈ সকলোকে আচম্বিত কৰি তুলিলে। ৩ বছৰ সফলতাৰে শিক্ষকৰ চাকৰিও কৰিলে। কিন্তু ইমানদিনে পুহি ৰখা সপোনটো বাস্তৱ ৰূপ দিয়াৰ কথা পুনৰবাৰ যেন মনলৈ আহিল। সাহ গোটাই ২০১৬ চনত কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হল। কিন্তু উত্তীৰ্ণ হৈছিল যদিও ইপ্সিত ৰেংক লাভ কৰাত ব্যৰ্থ হল। যাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগত নিযুক্তি লাভ কৰিছিল। ২০১৭ চনত দ্বিতীয়বাৰলৈ অৱতীৰ্ণ হল আৰু আৰ পি এছ পদ লাভ কৰিলে। প্ৰথম অৱস্থাত কৰৌলীৰ কৈলা দেৱী অঞ্চলৰ উপ আৰক্ষী অধীক্ষকৰ পদ লাভ কৰে যদিও পিছলৈ জয়পুৰ গ্ৰাম্য অঞ্চলত নিযুক্তি দিয়া হয়। ইয়াৰ পিছত জয়পুৰ পুলিচ কমিছনাৰেটলৈ বদলি কৰা হয় আৰক্ষী বিষয়াগৰাকীক। মাতৃৰ এই সাফল্যত উত্সাহী পুত্ৰ হেমেন্দ্ৰ আৰু মাতৃ প্ৰিয়ংকা। তেওঁলোকৰ ভাষাত মা মানে কেতিয়াও জুখি শেষ কৰিব নোৱাৰা এটি বিশাল শব্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...