কিয় অসমলৈ আহিব অমিত শ্বাহ, গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্পূৰ্ণ সূচী

দুদিনীয়া ব্যস্ত সূচী লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত। নিশাটো কইনাধৰাত কটাই কাইলৈ পুৱা মানকাচৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মানকাচৰত ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ লগতে বি এছ এফৰ সৈতে বৈঠকতো মিলিত হ’ব অমিত শ্বাহ। ৯ মে’ দিনৰ ১২.৩০ বজাত তামুলপুৰলৈ যাব অমিত শ্বাহ। তামুলপুৰত আধাৰশিলা স্থাপন কৰিব উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰ ভাণ্ডাৰ। সন্ধিয়া ৬ বজাত গুৱাহাটীত উদ্বোধন কৰিব GMCHৰ নতুন হাস্পতাল। মুকলি কৰিব নৱনিৰ্মিত হৃদৰোগ আৰু স্নায়ু ৰোগ কেন্দ্ৰ। ৯ মে’ৰ নিশাও কইনাধৰাতে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। ১০ মে’ৰ পুৱা নেহৰু ষ্টেডিয়ামত অনুষ্ঠান গৃহমন্ত্ৰীৰ। পুৱা ৯.৩০ বজাত অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ। দিনৰ ১.৩০ বজাত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত হ’ব। ১০ মে’ৰ সন্ধিয়া ৫ বজাত কলাক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কলাক্ষেত্ৰৰ পৰাই কেইবাটাও চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰিব। কলাক্ষেত্ৰৰ অনুষ্ঠান সামৰি দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৩ বজাত আমিনগাঁৱত জনগণনা ভৱন মুকলি কৰিব অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...