কৰ্কট ৰোগ প্ৰতিৰোধতো সহায় কৰে আমে! ফলৰ ৰজা আমৰ নজনা ১১টা পুষ্টিগুণ

এতিয়া গ্ৰীষ্মকাল। আমৰ বতৰ। অবূৰ্ব সোৱাদ সমৃদ্ধ ভিন ভিন প্ৰকাৰৰ আমসমূহেৰে উপলব্ধ হব বজাৰ। বতৰৰ ফল হিচাপে আম খোৱাৰ আছে বহুকেইটা স্বাস্থ্যসন্মত গুণ। বিশেষকৈ মহিলাসকলৰ বাবে অতিকৈ লাভজনক এই আম। পেটৰ পৰা ছালৰ চুলিলৈকে বিভিন্ন সমস্যা সমাধান কৰাত আমৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। পুষ্টিবিদসকলৰ মতে, আমত উচ্চ পৰিমাণৰ ভিটামিন চি, লগতে আঁহ থাকে। তেজত থকা বেয়া কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে আমে। আমত থাকে এণ্টিঅক্সিডেণ্ট, যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আমে মহিলাৰ স্তন কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। মানৱ শৰীৰৰ ভিটামিন এৰ প্ৰয়োজনীয়তাৰ প্ৰায় 25% বৃদ্ধি কৰিব পাৰে আমে। ভিটামিন এ চকুৰ বাবে অতি উপকাৰী। আমে দৃষ্টিশক্তি বৃদ্ধি কৰে। ছালৰ যত্নৰ ক্ষেত্ৰতো আমে এক মহান ভূমিকা পালন কৰে। আমৰ আঁহত থকা ভিটামিন চি-য়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আনকি আমৰ বটা সানিলেও, ছাল ছিদ্ৰবোৰত জমা হোৱা লেতেৰাবোৰ পৰিষ্কাৰ কৰা হয়। যিসকলে হজমৰ সমস্যাত ভুগি আছে, তেওঁলোকে গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ আম খাব পাৰে। আমত উপকাৰী এনজাইম থাকে, যি শৰীৰৰ প্ৰ’টিন অণুবোৰ ভাঙি পেলোৱাত সহায় কৰে আৰু হজম বৃদ্ধি কৰাতো সহায় কৰে।

NKTV Digital
Author: NKTV Digital

387 COMMENTS

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...