‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’ছে কঢ়িয়ালে অসমলৈ সুনাম!

‘কাঁ’ চলচ্চিত্র মহোৎসৱত অসমৰ ছবিলৈ সন্মান। ৫খন চলচ্চিত্রৰ ভিতৰত অসমৰ ‘বাঘজান’ মনোনীত। COUNTRY OF HONOUR সন্মানৰ বাবে মনোনীত বাঘজান। জয়সিং জয় দহোটিয়াৰ দ্বাৰা নিৰ্মিত ‘বাঘজান’। দেশৰ আন ৪খন ছবিলৈও এই সন্মান। বাঘজান কাণ্ডৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে ছবিখন। প্ৰায় দুবছৰ পূৰ্বে তিনিচুকীয়াৰ বাঘজানত হৈছিল অগ্নিকাণ্ড। অইলৰ তৈলখাদত লাগিছিল জুই। শতাধিক পৰিয়ালৰ সা-সম্পত্তি হৈছল ধ্বংস। ইয়াৰ পূৰ্বে পৰিচালকজনে নিৰ্মাণ কৰিছিল ‘হান্দুক’ আৰু ‘জলছবি’। দুয়োখন ছবিয়ে ইতিমধ্য লাভ কৰিছে বহু সন্মান । আনফালে বিশ্বজিত বৰাৰ ছবি ‘বুম্বা ৰাইড’লৈও বিশেষ সন্মান। নিউয়ৰ্ক ইণ্ডিয়ন ফিল্ম ফেষ্টিভেলত উজলিল ছবিখনৰ শিশু শিল্পীগৰাকী। শিশুশিল্পী ইন্দ্ৰজিত পেগু মনোনীত হৈছে ‘শ্ৰেষ্ঠ শিশু অভিনেতা’ৰ শিতানত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান ডাঃ এ. চি. কটকীৰ

উত্তৰ-পূৱ ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা ক্ষেত্ৰত নতুন শক্তিৰ...

গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল...

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...