ওচৰ চাপি আহিছে বেইজিং টেহৰাণঃ দিল্লী তেল অভিভত উদ্বিগ্নতা

✒️অচিন্ত্য শৰ্মা

চলিত ৰুচ-ইউক্ৰেইন যুদ্ধই বহুক্ষেত্ৰত ভাঙি চুৰমাৰ কৰি দিছে সাম্প্ৰতিক বিশ্ব শৃংখলা। মিত্ৰ শত্ৰু হৈছে, পুৰণি শত্ৰু পৰিণতি হৈছে পৰম মিত্ৰত। আৰু নতুন বিশ্ব শৃংখলাৰ গঢ়ি উঠাৰ এই নতুন পৰিবশৰ মাজতে ক্ৰমাৎ ওচৰ চাপি আহিছে এছীয়া মহাদেশৰ দুই শক্তিশালী ৰাষ্ট্ৰ চীন আৰু ইৰাণ, যিটো নতুন দিল্লীৰ বাবে পৰিগণিত হৈছে এক অশনি সংকেট হিচাপে। উল্লেখ যে, চীন আৰু ইৰাণৰ মাজত ঘনিষ্ঠতা বৃদ্ধিৰ নব্য প্ৰয়াসৰ অংশ হিচাপে চীনা বিদেশ মন্ত্ৰী ৱেই ফেংযেই অলপতে টেহৰাণ ভ্ৰমণ কৰি গৈছে। এউ ভ্ৰমণকালত অগ্ৰাধিকাৰ লাভ কৰে উভয় দেশে নতুন এক ২৫ বছৰীয়া দ্বিপাক্ষিক চুক্তিত আৱদ্ধ হোৱা বিষয়টোৱে। যদিহে এনে এক সম্পৰ্ক বাস্তবায়িক হয়, তেনেহ’লে চীন আৰু ইৰাণ, পৰস্পৰে পৰস্পৰৰ বাবে হৈ উঠিব অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগী। পিচে দেশ দুখনৰ মাজত কিয় এই আকস্মিক মধুচন্দ্ৰিকা?

অৱশ্যে, চীন আৰু ৰাছিয়া কেতিয়াও শত্ৰু ৰাষ্ট্ৰ নাছিল। দুয়োখন ৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে ৰুছিয়াৰ সৈতে; অৰ্থাৎ টেহৰান আৰু বেইজিং কাৰ্যত একেটা মস্কো শিবিৰৰে অন্তৰ্ভুক্ত। তদুপৰি আমেৰিকাৰ লগত আছে দুয়োখন ৰাষ্ট্ৰৰে ঘোৰ শত্ৰুতা। এনে অৱস্থাত চীন-ইৰাণৰ বন্ধুত্ব স্বাভাবিক তথা প্ৰত্যাশিত যদিও ৰাষ্ট্ৰখনক অধিক ওচৰ চপাই আনিছে শেহতীয়া ৰুচ-ইউক্ৰেইন যুদ্ধই। কাৰণ এই যুদ্ধই ৰুছিয়াৰ ভৱিষ্যত একপ্ৰকাৰ অনিশ্চিত কৰি পেলাইছে। তদুপৰি যুদ্ধখনে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপেক্ষিতত মস্কো মহল বাধ্য হৈছে অধিক ইউৰোপমুখী বা অধিক পশ্চিমমুখী হ’বলৈ। যাৰ বাবে এছীয়াত নতুন ৰণকৌশলগত শৃংখলা গঢ়িবলৈ তত্পৰ হৈ উঠাৰ লগেতে ওচৰ চাপি আহিছে চীন আৰু ইৰাণ। পিছে ইয়াৰ বাবে ভাৰতৰ বিপদ কোনখিনিত?

বিপদ আছে। নিশ্চিত ভাবে ভাৰতৰ বাবে বিপদজনক চীন আৰু ইৰাণৰ বৰ্দ্ধিত ঘনিষ্ঠতা। কাৰণ এই বৰ্দ্ধিত ঘনিষ্ঠতাই ইৰাণৰ ওপৰত চীনৰ প্ৰভাব বঢ়াব আৰু পৰিনতিত বিঘ্নিত হ’ব সমগ্ৰ অঞ্চলটোৰে ভূ-ৰাজনৈতিক সন্তুলন। অতি তাত্পযপূৰ্ণ ভাবে ছিয়া মুছলিম অধুষিত ইৰাণ ভাৰতৰ মিত্ৰ আৰু চুন্নী মুছলিম অধুষিত পাকিস্তানৰ চৰম শত্ৰু। প্ৰয়োজনবোধে ইৰাণৰ সামৰিক বিমান ঘাটি ব্যৱহাৰ কৰিব পৰাকৈ ইৰানী বায়ু সেনাৰ লগত ভাৰতীয় বায়ুসেনাৰ আছে বিশেষ বুজাবুজি। ছাবাহাৰ বন্দৰৰ নিচিনা প্ৰকল্পত ভাৰতে বিনিযোগ কৰিছে বৃহৎ পৰিমাণৰ ধন। এনে পেক্ষাপটতে এতিয়া ভাৰতৰ চিৰশত্ৰু, আগ্ৰাসী চীন, ইৰাণৰ ওচৰ চাপি অহাৰ লগে লগে উদ্বিগ্ন হৈ উঠিছে নতুন দিল্লী। সন্দেহাতীতভাবে, যদিহে ইৰাণত চীনৰ প্ৰভাবৰোধ কৰিব পৰা নাযায়, তেনেহ’লে সমগ্ৰ মধ্যপ্ৰদেশ বিঘ্নিত হ’ব ভাৰতৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক স্বাৰ্থ। সেয়ে এতিয়া মোদী চৰকাৰে উক্ত প্ৰত্যাহ্বান কেনেদৰে মোকামিলা কৰে, সেয়াহে হ’ব লক্ষ্যনীয়।

ইফালে ইৰাণ আৰু চীনৰ ক্ৰমঘনিষ্ঠ সম্পৰ্কই অকল ভাৰতকে নহয়, উদ্বিগ্ন কৰি তুলিছে পশ্চিম এছীয়াৰ ক্ষুদ্ৰ ইহুদী ৰাষ্ট্ৰ ইজৰাইলকো। কিয়নো বিশাল এক ইছলানিক বিশ্বৰ মাজত নিৰন্তৰ যুঁজি যুঁজি নিজৰ অস্তিত্ব বৰ্তাই ৰখা ইজৰাইৱৰ প্ৰধান শত্ৰু হৈছে এইখন ইৰাণ, যিখন ইৰাণে ইজৰাইল ৰাষ্ট্ৰখনৰ অস্তিতৰ নায্যতাকে স্বীকাৰ নকৰে আৰু পৃথিবীৰ মানচিত্ৰৰ পৰাই ইজৰাইলক মচি দিব খোজে। এনে এখন ইৰাণ এতিয়া যদি চীনৰ সহযোগত অধিক শক্তিশালী হৈ উঠে, বিশেষকৈ দেশখনে যদি গোপনে পাৰমাণবিক অস্ত্ৰৰ অধিকাৰী হ’বলৈ সক্ষম হয়, তেনেহলে সেয়া ইজৰাইলৰ বাবে হ’ব বাস্তবিক ভয়ংকৰ কাৰণ। সেয়ে, ইৰাণ চীনৰ নতুন বন্ধুত্বই এতিয়া নতুন দিল্লীৰ লগতে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে তেল অভিভতো।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...