২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ জেনেৰেল মনোজ পাণ্ডেৰ

জেনেৰেল মনোজ পাণ্ডেই দেওবাৰে ২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ জেনেৰেল এম এম নাৰাৱানেই দেওবাৰে অৱসৰ গ্ৰহণ কৰে আৰু জেনেৰেল পাণ্ডেই তেওঁৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে৷ ইয়াৰ আগলৈকে উপ-সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা জেনেৰেল পাণ্ডে সেনা প্ৰধান হোৱা ক’ৰ অব্‌ ইঞ্জিনিয়াৰ্ছৰ প্ৰথমজন বিষয়া জেনেৰেল মনোজ পাণ্ডে৷ সেনাৰ উপ-প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে জেনেৰেল পাণ্ডে ইষ্টাৰ্ন আৰ্মি কমাণ্ডৰ নেতৃত্বত আছিল৷ ছিকিম আৰু অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পহৰা দিয়াৰ দায়িত্ব ইষ্টাৰ্ন আৰ্মি কমাণ্ডৰ ওপৰত ন্যস্ত৷ নেশ্যনেল ডিফেন্স অকাডেমিৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮২ চনৰ ডিচেম্বৰত জেনেৰেল পাণ্ডেক ক’ৰ অব্‌ ইঞ্জিনিয়াৰ্ছত অন্তৰ্ভুক্ত কৰা হৈছিল৷ তেওঁ আন্দামান এণ্ড নিকোবৰ কমাণ্ডৰো চি-ইন-চি আছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...