এপ্ৰিল মাহতেই কি যে গৰম………

এপ্ৰিল মাহতেই গৰমে ভংগ কৰিছে পূৰ্বৰ ৰেকৰ্ড। ২৯এপ্ৰিল অৰ্থাৎ আজি দিনটোতে দেশৰ প্ৰায় ২০ খন চহৰত ৪৫ ডিগ্ৰী চেলচিয়াছৰ সীমা স্পৰ্শ কৰাৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সৰ্বাধিক ৪৬ ডিগ্ৰী চেলচিয়াছ পাইছেগৈ।

ৰাজধানী দিল্লীত শুকুৰবাৰে গৰমে পূৰ্বৰ ১২বছৰৰ ৰেকৰ্ড ভংগ কৰি গ্ৰীস্মৰ উত্তাপ সৰ্বাধিক ৪৩.৫ডিগ্ৰী চেলচিয়াছ পাইছেগৈ। ইয়াৰ পূৰ্বে ২০১০চনত ৪৩.৫ডিগ্ৰীতকৈ অধিক উত্তাপে দহিছিল দিল্লীক। যোৱা ১৮ এপ্ৰিলত দিল্লীত গ্ৰীস্মৰ উত্তাপ ৪৩.৭ ডিগ্ৰী চেলচিয়াছত উপনীত হৈছিল।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই মুহূৰ্তত উত্তাপ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। বতৰ বিজ্ঞান কেন্দ্ৰ মতে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত পৰৱৰ্তী ৫ দিনৰ বাবে তাপ প্ৰাবহ অব্যাহত থাকিব। পূৱ ভাৰতত ৩ দিনৰ পিছত গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে।
ঠিক একেদৰে দেশৰ আন বহুকেইখন চহৰত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে উত্তাপ। গুৰুগ্ৰামে নামৰ চহৰখনে পূৰ্বৰ অভিলেখ ভংগ কৰি তাপমাত্ৰা ৪৫.৬ ডিগ্ৰী চেলচিয়াছ হৈছেগৈ । ১৯৭৯ চনত ৪৪.৮ ডিগ্ৰী চেলচিয়াছৰ পিছত গুৰগ্ৰামৰ এইয়াই সৰ্বাধিক তাপমাত্ৰা। উত্তৰ প্ৰদেশৰ এলাহাবাদত ৪৫.৯ ডিগ্ৰী চেলচিয়াছ,মধ্য প্ৰদেশৰ খাজুৰাহোতত ৪৫.৬ ডিগ্ৰী চেলচিয়াছ, নাওগংত ৪৫.৬ডিগ্ৰী চেলচিয়াছ),খাৰ্গোনত ৪৫.২ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছে। এই গৰমে অসমৰ জনতাকো যে প্ৰভাব নেপেলাব তাৰ কোনো মানে নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...