ধুমুহাৰ গতিত ভাইৰেল কংগনা ৰানাৱটৰ মোহময়ী ৰূপ, এইবাৰ কিয় চৰ্চাত অভিনেত্ৰীগৰাকী?

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট। নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজনেই নাই। নিজৰ বলিষ্ঠ অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে অভিনেত্ৰীগৰাকীয়ে। সমান্তৰালভাবে বংশবাদ বা নেপটিজমৰ বিষয়ে ধাৰাবাহিকভাবে নিজৰ কণ্ঠ দাঙি ধৰি একপ্ৰকাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনি তুলিছিল। হিমাচলৰ পৰা মায়ানগৰীলৈ কংগনাৰ অভিনয় যাত্ৰা এতিয়া বহুতৰ বাবে অনুপ্ৰেৰণাৰ উত্স।

শেহতীয়াভাবে কংগনাৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ধাক্কড়। নামটোৱেই কয়, অভিনেত্ৰীগৰাকীৰ দৰে এক শক্তিশালী চৰিত্ৰ থাকিব চিনেমাখনত। আজি চিনেমাখনৰ ট্ৰেইলাৰ মুকলিৰ বাবে অভিনেত্ৰীগৰাকীয়ে কেইবাখনো ফটো আপলোড কৰিছে। কলা আৰু ৰূপালী বৰণ মিশ্ৰিত পোছাক পিন্ধি ফটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে মুহূৰ্ততে ভাইৰেল কৰিছে আলোকচিত্ৰ। চিনেমাখনৰ কাহিনীটোৱেও ইতিমধ্যে বিশেষভাবে চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...