শিহৰণকাৰী ঘটনা! বন কৰা কিশোৰীক ৩ মহলীয়া অট্টালিকাৰ পৰা গতা মাৰি পেলাই দিলে সেনা জোৱানৰ পত্নীয়ে!

মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। বন কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে। ছলনী দীঘা নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকীক তলত গতা মাৰি পেলাই দিলে তলত। হাত, বুকু, পিঠিত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক প্ৰথম অৱস্থাত এজাইল হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত GMCHত ভৰ্তি কৰোৱা হয়। ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত। ইতিমধ্যে বশিষ্ঠ আৰক্ষীযেঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী সৰকাৰ আৰু ভগ্নীক থানালৈ লৈ গৈছে। ইফালে, যোৱা জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰীগৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰাৰ বাবে প্ৰায়ে কিশোৰীগৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপৰি তললৈ ঠেলি পেলাই দিয়াৰ বিস্ফোৰক অভিযোগ কিশোৰীগৰাকীৰ। আনহাতে, জানুৱাৰী মাহৰ পৰা বন কৰা কিশোৰীগৰাকীক মাত্ৰ ১,০০০ টকা প্ৰদান কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ। উল্লেখ্য যে, অভিযুক্ত মহিলাগৰাকীৰ স্বামী সেনা-বাহিনীত কৰ্মৰত। সম্প্ৰতি ৰাজস্থানত কৰ্মৰত হৈ আছে মহিলাগৰাকীৰ স্বামী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...