পখিলা খেদা বয়সতে নাম খুদিত কৰিলে ‘India Book of Records’ত

এটি ৬বছৰীয়া কণমানি। নাম প্ৰাৰ্চিনা বৰা। টীয়ক নগৰৰ বলমা অঞ্চলৰ প্ৰশান্ত মাধৱ বৰা আৰু কুকি বৰাৰ একমাত্ৰ কন্যা প্ৰাৰ্চনা। “বেন গাৰ্ডেন” হাইস্কুলৰ U.K.G. শ্ৰেণীৰ ছাত্রী প্ৰাৰ্চনা৷ প্ৰাৰ্চনাৰ এক অদ্ভুত কলাৰে কম বয়সতে ‘India Book of Records’ত নিজৰ নাম খুদিত কৰিছে৷ কণমানি প্ৰাৰ্চিনাই নিজৰ চকুত কাপোৰ বান্ধি ওলোটাকৈ ২০ ৰ পৰা ১ লৈ প্ৰতিটো সংখ্যাৰ বৰ্গমূল ১ মিনিট ৩৩ ছেকেণ্ডত গাই ‘India Book of Records’ত স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ কণমানি প্রাৰ্চিনাৰ এই সফলতা আৰু কলাত সকলো অভিভুত। যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোলৈ আনন্দ কঢ়িয়াইছে৷ পখিলা খেদা বয়সত কণমানি জনীৰ এই সফলতাক প্ৰসংশা কৰিছে অঞ্চলবাসীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...