বোৱাৰী মৃত্যুক কেন্দ্ৰ কৰি নুমলীগড়ত উত্তপ্ত পৰিস্থিতি

নুমলীগড়ৰ মৰঙিৰ পাটকটীয়া গাঁৱত উত্তপ্ত পৰিস্থিতি। এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি। শুকুৰবাৰে নিশা বৈষ্ণৱী দাস বৰা নামৰ বোৱাৰী গৰাকীক স্বামী মুনীন বৰা আৰু শাহুৱেকে হত্যা কৰি ঘৰৰ ভিতৰত ওলমাই থোৱাৰ অভিযোগ বৈষ্ণৱীৰ পৰিয়ালৰ। ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে নিশায়ে মৃতদেহ উদ্ধাৰ কৰি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ বোৱাৰী গৰাকীৰ মেৰাপানীৰ পৰিয়াল সহ ৰাইজ আহি স্বামীগৃহৰ ভিতৰতে সৎকাৰ কৰাৰ ব্যবস্থা কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীৰ হস্তক্ষেপত ঘৰৰ ভিতৰৰ পৰিবৰ্তে চোতালতে সৎকাৰ কৰাৰ ব্যৱস্থা কৰে ৷ আনহাতে স্বামী গৃহৰ কোনো লোকে সৎকাৰ কৰিবলৈ আগবাঢ়ি নহাত মেৰাপানীৰ মাতৃ পৰিয়াল তথা ৰাইজৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয় ৷ অৱশেষত মেৰাপানীৰ পৰা অহা বোৱাৰী গৰাকীৰ পৰিয়াল সহ ৰাইজে স্বামী মুনীন বৰাৰ ঘৰৰ সন্মুখৰ চোতালতে মৃত বৈষ্ণৱীক দাহ কৰে ৷ ইয়াকে লৈ সমগ্ৰ নুমলীগড়ত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে শনিবাৰে নিশায়ে অভিযুক্ত স্বামী মুনীন বৰা আৰু শাহুৱেকক নুমলীগড় আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...