মোদীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে অঘটন! ২২ ঘণ্টাত নিহত ৩টা সন্ত্ৰাসবাদী, শ্বহীদ এজন জোৱান

প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই অঘটন। শুকুৰবাৰে জম্মুৰ সুঞ্জৱান অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। জম্মুৰ উপকণ্ঠত থকা সেনা শিবিৰৰ ওচৰত সংঘটিত গুলীচালনাত এজন সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হয় আৰু আৰু চাৰিজন আহত হয়। পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জঈশ-ই-মহম্মদৰ কমেও দুজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে এক গোপন সূত্ৰ লাভ কৰিছিল আৰক্ষীয়ে। সেই সূত্ৰৰ ভিত্তিতে আৰম্ভ কৰা হৈছিল তালাচী অভিযান। তেনে সময়তে সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় সুৰক্ষা বাহিনীৰ জোৱানজন। আৰক্ষীয়ে জনোৱা অনুসৰি এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে আৰু কমেও দুজন সন্ত্ৰাসবাদীয়ে এতিয়াও আত্মগোপন কৰি আছে। প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে এই ঘটনাই ঠাইখনৰ নিৰাপত্তাৰ ক্ষেত্ৰত একপ্ৰকাৰ ভাবুকি আনিছে। ইফালে কাশ্মীৰৰ বাৰমুল্লাহ অঞ্চলতো সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিগত ২২ ঘণ্টাত নিহত হয় তিনিজনকৈ সন্ত্ৰাসবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...