মোদীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে অঘটন! ২২ ঘণ্টাত নিহত ৩টা সন্ত্ৰাসবাদী, শ্বহীদ এজন জোৱান

প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই অঘটন। শুকুৰবাৰে জম্মুৰ সুঞ্জৱান অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। জম্মুৰ উপকণ্ঠত থকা সেনা শিবিৰৰ ওচৰত সংঘটিত গুলীচালনাত এজন সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হয় আৰু আৰু চাৰিজন আহত হয়। পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জঈশ-ই-মহম্মদৰ কমেও দুজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে এক গোপন সূত্ৰ লাভ কৰিছিল আৰক্ষীয়ে। সেই সূত্ৰৰ ভিত্তিতে আৰম্ভ কৰা হৈছিল তালাচী অভিযান। তেনে সময়তে সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত নিহত হয় সুৰক্ষা বাহিনীৰ জোৱানজন। আৰক্ষীয়ে জনোৱা অনুসৰি এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে আৰু কমেও দুজন সন্ত্ৰাসবাদীয়ে এতিয়াও আত্মগোপন কৰি আছে। প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে এই ঘটনাই ঠাইখনৰ নিৰাপত্তাৰ ক্ষেত্ৰত একপ্ৰকাৰ ভাবুকি আনিছে। ইফালে কাশ্মীৰৰ বাৰমুল্লাহ অঞ্চলতো সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিগত ২২ ঘণ্টাত নিহত হয় তিনিজনকৈ সন্ত্ৰাসবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...