শুকুৰবাৰ কিয় ছবি এখন মুক্তি দিয়া হয়?

আপুনি কেতিয়াবা ভাৱিছেনে ছবি এখন কিয় শুক্ৰবাৰে মুক্তি দিয়া হয়? শুকুৰবাৰ দিনটোৰ উপাৰ্জনেই নিৰ্ভয় কৰে ছবিখন দৰ্শকে আকোঁৱালি ল’ব নে নাই! হয়তো বহুতৰেই উত্তৰ হ’ব যে উইক এণ্ড হোৱাৰ বাবে ছবিৰ বক্স অফিচ কালেকচন ভাল হয়, সেয়েহে শুকুৰবাৰ দিনটো ছবি মুক্তিৰ বাবে ভাল।
জানো আহক শুকুৰবাৰৰ দিনটোত কিয় মুক্তি দিয়া হয় নতুন ছবি এখন?


১. শুকুৰবাৰে ভাৰতত ছবি মুক্তিৰ ধাৰণাটো হলীউডৰ পৰা আহিছে শুকুৰবাৰে ছবি মুক্তিৰ এই ধাৰণাটো হলীউডত ১৯৪০ চনত আৰম্ভ হৈছিল। কিন্তু ভাৰতত এই প্ৰথা ১৯৬০ চনৰ পৰা আৰম্ভ হৈছিল। ভাৰতত শুকুৰবাৰৰ দিনটোত মুক্তি পোৱা প্ৰথম ছবি আছিল মোগল-এ-আজম। ইয়াৰ পাছৰ পৰাই ভাৰতত শুকুৰবাৰৰ দিনটোত ছবি মুক্তি দিবলৈ আৰম্ভ কৰা হৈছিল।

২. শুকুৰবাৰৰ দিনটো ভাৰতত শুভ দিন হিচাপে গণ্য কৰা হয়। এই শুকুৰবাৰৰ দিনটো মা-লক্ষ্মীৰ দিন। সেয়েহে বহু প্ৰযোজকে এই শুভ দিনতেই ছবি মুক্তি দিয়া দেখা যায়।

৩. ছবি জগতৰ ক্ষেত্ৰত উইক এণ্ড শুকুৰবাৰৰ পৰাই আৰম্ভ হয়। যিহেতু শনিবাৰ আৰু দেওবাৰৰ দিনটো বন্ধ থাকে সেয়েহে শুকুৰবাৰ দিনটোত ছবি এখন মুক্তি দিলে দৰ্শকে ছবিখন চাবৰ বাবে সময় লাভ কৰে ,সেয়েহে শুকুৰবাৰৰ দিনটোত মুক্তি দিয়া ছবি সমূহে অধিক উপাৰ্জন কৰিব পাৰে। শুকুৰবাৰৰ দিনটোত ছবি মুক্তিৰ এই প্ৰথা আমেৰিকাৰ দ্বাৰা আধাৰিত। দশক দশক ধৰি আমেৰিকাই এই শুকুৰবাৰৰ দিনটোত ছবি মুক্তি দি ইতিহাস ৰচনা কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...