তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ নৱজাতক পুত্ৰৰ মৃত্যু

মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নৱজাতক পুত্ৰৰ মৃত্যু। ১৮ এপ্ৰিলৰ মাজনিশা টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰে ৰোনাল্ডোৱে। টুইটত ৰোনাল্ডোৱে উল্লেখ কৰে যে – “অতি দুখৰ সৈতে আমি জনাও যে আমাৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে। এয়া যিকোনো অভিভাৱকৰ বাবে আটাইতকৈ ডাঙৰ দুখ। কেৱল আমাৰ কেঁচুৱা ছোৱালীজনীৰ জন্মই আমাক কিছু আশা আৰু আনন্দেৰে এই মুহূৰ্তটো জীয়াই থকাৰ শক্তি প্ৰদান কৰে। আমি আমাক সমৰ্থন কৰা সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাইছো।’

লগতে ৰোনাল্ডোৱে টুইটত উল্লেখ কৰে যে “আমি এই ঘটনাৰ দ্বাৰা সম্পূৰ্ণৰূপে হতাশ হৈছোঁ আৰু সকলোকে গোপনীয়তাৰ যত্ন ল’বলৈ অনুৰোধ জনাইছো। আমাৰ পুত্ৰ আমাৰ স্বৰ্গদূত আছিল, আমি সদায়ে তাক ভাল পাই থাকিম।”

উল্লেখ্য যে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ সংগী জৰ্জিনাই অক্টোবৰত ঘোষণা কৰিছিল যে তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ হ’ব। চিকিৎসালয়ৰ পৰা এখন ফটোও শ্বেয়াৰ কৰিছিল দুয়োগৰাকীয়ে। এই দুটা সন্তান প্ৰসৱৰ সময়ত পুত্ৰৰ মৃত্যু হৈছে যদিও সুৰক্ষিত আছে নৱজাতক কন্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...