তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ নৱজাতক পুত্ৰৰ মৃত্যু

মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নৱজাতক পুত্ৰৰ মৃত্যু। ১৮ এপ্ৰিলৰ মাজনিশা টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰে ৰোনাল্ডোৱে। টুইটত ৰোনাল্ডোৱে উল্লেখ কৰে যে – “অতি দুখৰ সৈতে আমি জনাও যে আমাৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে। এয়া যিকোনো অভিভাৱকৰ বাবে আটাইতকৈ ডাঙৰ দুখ। কেৱল আমাৰ কেঁচুৱা ছোৱালীজনীৰ জন্মই আমাক কিছু আশা আৰু আনন্দেৰে এই মুহূৰ্তটো জীয়াই থকাৰ শক্তি প্ৰদান কৰে। আমি আমাক সমৰ্থন কৰা সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাইছো।’

লগতে ৰোনাল্ডোৱে টুইটত উল্লেখ কৰে যে “আমি এই ঘটনাৰ দ্বাৰা সম্পূৰ্ণৰূপে হতাশ হৈছোঁ আৰু সকলোকে গোপনীয়তাৰ যত্ন ল’বলৈ অনুৰোধ জনাইছো। আমাৰ পুত্ৰ আমাৰ স্বৰ্গদূত আছিল, আমি সদায়ে তাক ভাল পাই থাকিম।”

উল্লেখ্য যে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ সংগী জৰ্জিনাই অক্টোবৰত ঘোষণা কৰিছিল যে তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ হ’ব। চিকিৎসালয়ৰ পৰা এখন ফটোও শ্বেয়াৰ কৰিছিল দুয়োগৰাকীয়ে। এই দুটা সন্তান প্ৰসৱৰ সময়ত পুত্ৰৰ মৃত্যু হৈছে যদিও সুৰক্ষিত আছে নৱজাতক কন্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...