প্রসিদ্ধ চাহ খেতিয়ক প্রফুল্ল প্রসাদ বৰাৰ মৃত্যু

ৰাজ্যৰ প্ৰসিদ্ধ চাহ খেতিয়ক প্ৰফুল্ল প্ৰসাদ বৰাৰ দেহাৱসান। পদ্মশ্ৰী ইন্দিৰা পি পি বৰাৰ স্বামী প্ৰফুল্ল প্ৰসাদ বৰাই ৮২ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৭ এপ্ৰিলত হৃদৰোগত আক্ৰান্ত হৈ বৰাৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰফুল্ল প্ৰসাদ বৰা কলাভূমি নামৰ সাংস্কৃতিক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

চলচ্চিত্ৰ সমালোচক হিচাপেও খ্যাতি লাভ কৰা প্ৰফুল্ল প্ৰসাদ বৰাই ‘চিনেমা ইন আছাম’ নামেৰে এখন গ্ৰন্থও লিখি থৈ গৈছে। তেওঁ দুলীয়াজান ফিল্ম ছ’চাইটীৰো প্ৰতিষ্ঠাপক আছিল। ১৯৮০ চনৰ পৰাই তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ কামত ব্ৰতী আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...