প্রসিদ্ধ চাহ খেতিয়ক প্রফুল্ল প্রসাদ বৰাৰ মৃত্যু

ৰাজ্যৰ প্ৰসিদ্ধ চাহ খেতিয়ক প্ৰফুল্ল প্ৰসাদ বৰাৰ দেহাৱসান। পদ্মশ্ৰী ইন্দিৰা পি পি বৰাৰ স্বামী প্ৰফুল্ল প্ৰসাদ বৰাই ৮২ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৭ এপ্ৰিলত হৃদৰোগত আক্ৰান্ত হৈ বৰাৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰফুল্ল প্ৰসাদ বৰা কলাভূমি নামৰ সাংস্কৃতিক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

চলচ্চিত্ৰ সমালোচক হিচাপেও খ্যাতি লাভ কৰা প্ৰফুল্ল প্ৰসাদ বৰাই ‘চিনেমা ইন আছাম’ নামেৰে এখন গ্ৰন্থও লিখি থৈ গৈছে। তেওঁ দুলীয়াজান ফিল্ম ছ’চাইটীৰো প্ৰতিষ্ঠাপক আছিল। ১৯৮০ চনৰ পৰাই তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ কামত ব্ৰতী আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...