যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক বিশেষ বঁটা প্ৰদান

অসামৰিক সেৱাৰ ক্ষেত্ৰত বিশেষ পাৰগৰ্শিতা দেখোৱাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক প্ৰধানমন্ত্ৰীৰ পাৰদৰ্শিতা বঁটাৰ বাবে মনোনিত কৰিছে। উল্লেখযোগ্য যে, অশোক কুমাৰ বৰ্মন দৰং জিলাত উপায়ুক্ত হৈ থকা অৱস্থাত তেওঁ জিলাখনৰ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা আঁচনি সফলতাৰে ৰূপায়ন কৰিছিল।

অশোক কুমাৰ বৰ্মনে আচনিখন সফলভাৱে ৰূপায়ন কৰি তোলাৰ পদক্ষেপ লোৱাৰ বাবে ২০১৯ চনৰ উত্তৰ-পূব আৰু পাহাৰীয়া জিলা শাখাৰ এই সন্মানৰ বাবে তেওঁক নিৰ্বাচন কৰা হয়। অহা এপ্ৰিল মাহৰ ২১ তাৰিখে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱসৰ দিনা তেওঁক এই সন্মান প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...